পুখুৰীটোৰ পাৰত ভাই -ভনীকেইটাক সাবটি উদাস দৃষ্টিৰে পুখুৰীটোলৈ চাই থকা পখিলীৰ মুখত, মাকে প্ৰায়েই কৈ থকা কথাষাৰেই ওলাই আহিল।
মোৰ জীয়াই থাকিবলৈ মন নাইকিয়া হৈছে।
অনভিজ্ঞ সময়তে সময়ে নানা ৰঙে শিকাই তাইক বিজ্ঞ কৰি তুলিছে। সময়ৰ শ্ৰুতশ্ৰুনী জলত জলাঞ্জলী দিছে তাইৰ সপোনক ।তথাপিও পাষান হৃদয়ৰ বাপেকৰ অকণমান মৰম নাই, সিহঁতৰ প্ৰতি।
ক্ষন্তেকতে পৰিৱেশটো শান্ত হৈ পৰিল।সৰু ভায়েকে কান্দিবলৈ এৰি, তাই চুলি খিনিত লাহে লাহে হাত বোলাই দিলে।তাৰ এই কাৰ্য্যত, পখিলী অবাক হৈ পৰিল।তাইৰ দৰে সিওঁ বাৰু সময়ৰ ৰঙবোৰ এতিয়াৰ পৰাই বুজি উঠিছে নেকি ?
মাকৰ আচলত মুখ মচি ঘাঁহ নগজা চোতালখনত খেলিবলৈ তাৰ কপালত নিলিখিলে।এবাহ ল'ৰা-ছোৱালীৰ জন্ম দিয়া বাপেকে, সিহঁতক মৰম নাইবা সন্তুষ্ট কৰিবলৈ সময়ৰ নাটনি।
কি ভাবিনো বহি আছ।বৈ মাছ মাৰোগৈ।
পখিলীৰ সমনীয়া জোনটিয়ে জাকৈ খন কান্ধত লৈ খালৈটো কঁকালত বান্ধি বান্ধি কথাষাৰ ক'লে।
আজি মই নাযাওঁ।ঘৰৰ একো কাম কৰা হোৱা নাই।
নাযাওঁ যদি ৰৈ থাকি লাভ নাই।তাই গ'লগৈ।
অ' বা মাছ মাৰিবলৈ যা।ভাই-ভনীকেইটাই তাইক হেঁচুকিবলৈ ধৰিলে।
তাই মাছ মাৰিবলৈ গ'লেহে, সিহঁতে মাছ খাবলৈ পাব।টিলৌ-টিলৌ কৈ নদীৰ যুঁৱলী,বিলৰ পাৰত মাছ মাৰি অনা মাছকেইটা ভাঁজি অনায়াসে সৰুকেইটালৈ ,বাপেকলৈ, এৰি দি তাই মুঁহাৰি-মুঁহাৰি সুদা ভাত কেইটা বৰ তৃপ্তিৰে খাই।
তাই ঘপকৈ বহাৰ পৰা উঠিল।চোতালৰ নঙলা মুখৰ গোঁহালীটোত বলধ গৰু দুটাই শিং জোকাৰি ফুচ-ফাচ কৰি আছে।সিহঁতেও পখিলীলৈকে যেন খং উঠি বিদ্ৰোহ কৰিছে।
তাই এখোজ -দুখোজকৈ আগুৱাই গৰু কেইটাৰ ডিঙিৰ পৰা এৰাল কেইডাল খুলি দিলে।বেছি ভাগ সময় বাহিৰতে থকা বাপেকে, এইবোৰ দায়িত্ব লোৱা তাই মনত নপৰে।
পুৱাই-পুৱাই সময়বোৰ নষ্ট কৰিবলৈ এই আপদীয়া মানুহবোৰ ক'ৰ পৰানো আহে। তাই ভো-ভোৰভোৰাই উঠিল।ওখ মুধচৰ খেৰৰ ঘৰটো, ঘৰ গুছি, বাঁহতল হৈ আছে।তাই খৰধৰকৈ কামত লাগিল।
আগলৈ,,,,,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ