বিশাল ধৰণীখন-ছেলিমা বেগম

©Admin
0
জন্ম লৈছিলো এই খন বিশাল ধৰণীৰ বুকুত 
আকৌ গুচি যাম এই খন মায়াভৰা ধৰণী এৰি 
কিবা কৰিব পাৰিলোনে? এই খন ধৰণীৰ বুকুত 
বিদায় বেলাত কিবা লগত লৈ যাব পাৰিম নে? 
মন জ্বলে তন জ্বলে নয়ন জ্বলে  ধৰণীৰ দয়াত ।

মই মৰিলেও ধৰণীৰ নিয়ম খিনি 
চলি থাকিব মহাকৰ্ষণৰ নীতি অনুসৰণ কৰি 
নীলিমাৰ বুকুত চন্দ্ৰ, সূৰ্য্য নিজ কক্ষত ঘূৰিব 
বায়ু, পানী সেউজীয়া ধৰণীৰ বুকুত বিচৰণ কৰিব 
নদ নদী একে গতিৰে বৈ যাব 
তৰু-তৃন বসন্ত পাই থাকিব 
প্ৰকৃতিৰ নিয়মবোৰ নিজৰ ৰূপ সলাই থাকিব।। 

বিশ্বৰ ভূমণ্ডলক বেদি সপ্তাদিমণ্ডলক সুধি নাপালোঁ যেন তাৰ সমাধান বিচাৰি আমি 
কি যেন মায়াভৰা ধৰণীখন এৰিব লাগিব এদিন
আছে নেকি কাৰোবাৰ হাতত ইয়াত উত্তৰ ?
চিৰ সত্য এইটোৱেই জীৱ মানে মৃত্যু এদিন এৰিব লাগিব ধৰণী ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)