নিজৰ বাবে জীৱন জীয়াবলৈ শিকক- হিমাদ্ৰী দাস

©Admin
0
মানুহে নিজৰ বাবে নিজে থিয় হ'ব শিকিব লাগে । কিয়নো কৌশিক নন্দন বৰুৱাই ‌কোৱাৰ দৰে আমাৰ সকলোৰে মাজত এজনী সন্ধ্যা সোমাই আছে, কিন্তু প্ৰতিজনী সন্ধ্যাৰ বাবে অণুৰণ নাথাকিব ও পাৰে। প্ৰতিজনী সন্ধ্যাৰ বাবে অভিমন্যু নাহিবও পাৰে। প্ৰতিজনী সন্ধ্যাৰ ৰুমমেট সুখ-দুখৰ লগৰী বিদিশা নাইবা পখীৰ দৰে নহ'বও পাৰে। সকলো সলনি হৈছিল ৫ বছৰত হোৱা নাছিল যদি কেৱল অণুৰণ কিন্তু সময়ৰ লগত মাটিৰ কলহে শিলৰ কঠিনতা ও খন্দন কৰে। হয়তো সন্ধ্যাৰ সলনি অনুৰাধাৰো হ'ব পাৰে অণুৰণ, সলনি হ'ব পাৰে "আছোঁ তো মই" বুলি কোৱা চিনাকি কথাষাৰ। ৰাধাইও কৃষ্ণক ভাল পাইছিল কিন্তু নিজৰ শিৰৰ সেন্দুৰ কৰি কৃষ্ণৰ নাম লিখিছিল ৰুক্মিণীয়ে সন্ধ্যাৰ দৰে ৰাধা আৰু ৰুক্মিণী দুয়োটা হোৱাৰ ভাগ্য সকলোৰে নাথাকিবও পাৰে। আৰম্ভণি হ'লেতো শেষ নিশ্চয় হয় কিন্তু শেষৰ পৰা আৰম্ভণি হৈ চিৰদিনলৈ থাকিবলৈ সকলো কাহিনী নিৰিবিলি নহ'বও পাৰে।
সেইবাবে মানু্হে নিজৰ বাবে নিজৰ হকে থিয় হ'বলৈ মাত মাতিবলৈ শিকিব লাগে কাৰণ বৰ্তমানৰ  "FRIENDS WITH BENEFITS" ৰ যুগত  নিজৰ ভুল স্বীকাৰ কৰি তাক শুধৰাবলৈ সকলো প্ৰিয়া নাইবা জুৰি নহ'বও পাৰে।

🔴হিমাদ্ৰী দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)