কবিতা-জ্যোতিষ্ক বৰুৱা

©Admin
0
বহু ভালপোৱাৰে…
প্ৰণয়ৰ এখিলা পাতত…
দুচকুৱে কৈ গৈছিল 
বহু কথা………
যদিও তাই আজলী
জানিছিল প্ৰেমৰ ভাষা…৷
বুকুতে শিপোৱা 
মৰম নামৰ নদীখনিত
ঢৌ খেলা মনৰে কথা…
ওঁঠৰ হাঁহিটিৰে…
জিলিকিছিল ৰঙা পৰা
সেন্দুৰীয়া দুগাল…
নুকোৱাকৈ লাজে লাজে…
কাজল সনা দুচকুৱে চটিয়াইছিল …
মৰমৰ এক মৃদু শিহৰণ…
বতাহে জোকাৰি যোৱা
কপালৰ আগত 
কেশৰৰ অলকাই…
দুচকুৰ আগত লুকাভাকুৰে
বাৰে বাৰে চুমিছিল…
তাইৰেই দুগাল ৷
কোমল বয়সৰ কোমলীয়া মন
হৱ খুজিছিল চাগে প্ৰণয়েৰে…
অজানিতে কোনোবাখিনিত
বুজা নুবুজা ভাৱেৰেই
হয়তো বুকুৰে ধন ৷৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)