গৰীৱৰ চাকনৈয়া -ৰঞ্জিত শৰ্মা

©Admin
0
আৰম্ভ হ’ল
তাইৰ জীৱন যাত্ৰা
কেউটীয়া,কৃষ্ণৱৰ্ত্মা,বৰলীয়াই
আৱৰি ধৰে পথ
এইয়া মানুহৰে পথ ৷

তাই থমকি থমকি ৰয়
গৈ গৈ ৰয়গৈ কাষত,এইয়া মানুহৰে কাষ ৷

অনন্তৰূপী,
ধৃষ্টমানী বহুজনে
তাইক পিটিব খোজে,জ্বলাব খোজে
অপৰাধী সজাই বান্ধিব খোজে
তাইৰ চুলি কাটি,তাইৰ হাতেৰে খায় ৷

অনভিপ্ৰেত,
তৰা জ্বলাব খোজে
চন্দ্ৰক বান্ধিব খোজে
নিজেই জ্বলি জ্বলি মৰে ৷

তাই বোলে,
“আমি দুখীয়া হ’লো বাবে
  দুৱৰী বনত খোজ কাঢ়োঁ
  চহকী হৈ হাঁহিছে আমাক ৷”

মন্দিৰ লাগিব
থাপনা লাগিব
হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিব
সকলো মানুহে ভগৱান বিশ্বাস নকৰিলে বুলি
তাই বোলে, 
“আমি দুখীয়া মানুহ
  আমি অপৰাধী নহওঁ
  আমি অভাগিনী দুখীয়া ধৰণীত
  প্ৰভুৰ চৰণকে লওঁ ৷”

সময় বাগৰি যায় 
দিন,মাহ,বছৰ গণি গণি 
অপেক্ষাৰ সীমা নাই
জীৱন যুঁজৰ শেষ নাই
অন্তৰ্হিত আত্মা তাইৰ অজানিতে হেৰাই যায় 
জীৱন যুঁজত তাইৰ হেঁপাহবোৰ ভাগি যায় ৷ 

                              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)