ক'ৰবাত নৈতিক শিক্ষা হেৰাই গৈছে -তিলোত্তমা মহন্ত গোস্বামী

©Admin
0
২৮ মে' ৰাতি জালুকবাৰীত দূৰ্ঘটনাত পতিত হৈ অসম ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ সাতজন ছাত্ৰই মৃত্যুক সাৱটি ল'লে। এনে হৃদয় বিদাৰক বাতৰিবোৰ পালে গা কঁপি উঠে। ঈশ্বৰক প্ৰাৰ্থনা কৰো মানুহৰ জীৱনলৈ এনে দুখলগা বাতৰিবোৰ নাহক। যাৰ ঘৰত এই ঘটনা হৈছে সেইসকল পিতৃ মাতৃ কেনেকৈ জীয়াই আছে ? বৰ অসহনীয়, কষ্ট দায়ক খবৰ। এয়া দূৰ্ঘটনা, গতিকে দুৰ্ভাগ্য বুলিই ক'ব লাগিব।
       তথাপি আমাৰ সমাজখনত ইমান সম্ভাৱনা থকা ল'ৰাকেইটা হেৰুৱাব লগা হোৱাত অভিভাৱকৰ হৃদয় কঁপি উঠিছে। মানুহৰ মনলৈ অনেক ভাবনা অহা-যোৱা কৰিব লাগিছে। এই কথাবোৰৰ লগত   আমিবোৰো যেন কম বেছি পৰিমাণে ক'ৰবাত জগৰীয়া। 
        এটা সন্তান ডাঙৰ কৰা কিমান কষ্টকৰ সেয়া সকলো পিতৃ-মাতৃয়ে জানে। তাতে মেডিকেল, ইঞ্জিনিয়াৰিং আদিত চিটটো পাবলৈ কিমান পঢ়িব লাগে, কিমান কষ্ট কৰিব লাগে। সেয়া ঘৰত পঢ়া-শুনা কৰি থকা ল'ৰা-ছোৱালী থকা পিতৃ মাতৃয়ে ভালকৈ জানিব পাৰিছে।
 তাতে গাঁৱৰ সাধাৰণ শ্ৰেণী মাক বাপেকে কিমান ত্যাগৰ বিনিময়ত ল'ৰা ছোৱালীক বাহিৰত পঢ়িবলৈ পঠিয়াই সেয়া অসমৰ মানুহে ভালকৈ জানে।
    আমি ল'ৰা ছোৱালীক পঢ়ি-শুনি মানুহ হ'বলৈ পঠিয়াই দিওঁ নে শিক্ষা অনুষ্ঠানলৈ আহি ধ্বংস হ'বলৈ পঠিয়াই দিওঁ ? এতিয়া অভিভাৱকৰ মনত তেনে চিন্তা আহিছে। শিক্ষা অনুষ্ঠান নহয় জানিবা ইন্দ্ৰৰ ৰম্যভূমি। এতিয়া সেইবোৰ কথালৈ গুৰুত্ব দিবলৈ কাৰো সময় নাই। কাৰোবাৰ ল'ৰা ছোৱালী মৰিছে কাৰ কি যায়! কোনে কি কৰিব ? হৈ যোৱাৰ পাছত কৰিবলৈ একো নাথাকে কিন্তু একেটা ঘটনা পুনৰাবৃত্তি যাতে নহয় তাৰবাবে প্ৰথমে ঘৰখনে, তাৰপাছত বিদ্যালয়খন তাৰ পাছত মহাবিদ্যালয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰসমূহ সচেতন হোৱা উচিত। 
       সমাজ এখনৰ উন্নয়ন তেতিয়াহে আশা কৰিব পাৰি যেতিয়া শিশুৱে প্ৰকৃত শিক্ষাৰে শিক্ষিত হৈ উঠিব পাৰে। ইয়াৰ বাবে সুশৃংখলিত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটো অতি প্ৰয়োজন। এইক্ষেত্ৰত প্ৰথমে অভিভাৱক তাৰপাছত সমাজ তথা শিক্ষকৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। 
  শিশুৰ প্ৰথম শিক্ষাৰ কঠিয়াতলী বোলা হয় ঘৰখন। এইক্ষেত্ৰত ঘৰখনৰ প্ৰথম দায়িত্ব আছে। ঘৰখনত শিশুৰ পঢ়া-শুনাত ব্যাঘাত জন্মাব পৰা কোনো কামেই কৰা উচিত নহয়। সেইদৰে সামাজিক ভাৱে সকলো সচেতন হোৱা উচিত। কাজিয়া, মদ ভাং খাই চিঞৰ-বাখৰ কৰা, যেতিয়াই তেতিয়াই বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰি নাচ-গান কৰা আদি সমস্যাৰপৰা মুক্ত কৰি  উপযুক্ত শৈক্ষিক পৰিৱেশ দিয়াটো অভিভাৱকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য। ঠিক সেইদৰে শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ ৰাখিবলৈ সমাজৰো কিছুমান কৰণীয় আছে। সমাজত ঘটি থকা অপ্ৰীতিকৰ ঘটনা দেখি আমি চকু কাণ মুদি থকাৰ বাহিৰে উপায় নোহোৱা হৈছে। যি মাত মাতিব সিহে বেয়া ৰূপে পৰিচিত হ'ব।  মদ, ভাং আৰু অন্যান্য ৰাগিয়াল বস্তু অবাধে বিক্ৰী কৰি সমাজিক পৰিবেশ বিনষ্ট কৰা দেখা গৈছে। এইবোৰৰ প্ৰভাৱত সমাজৰ ঐক্য নোহোৱা হৈছে। এই ৰাগিয়াল দ্ৰব্য সমাজৰ ব্যাধি ৰূপে মূৰ ডাঙি উঠিছে আৰু আমি তাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহযোগিতা আগবঢ়াই আহিছোঁ। 
      বিদ্যালয়ৰ চৌহদত শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিবপৰা কোনো অশুভ শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে শিক্ষকসকল সদায় সচেতন হ'ব লাগিব। কেৱল টকা ঘটিবৰ বাবে শিক্ষক হ'ব নালাগে, যিকোনো সমস্যাক সমাধান কৰি গন্তব্য স্থানলৈ ছাত্ৰ ছাত্ৰীক লৈ যোৱা বাট সূচল কৰি দেখুৱাই দিয়াই হৈছে শিক্ষকৰ দায়িত্ব আৰু প্ৰধান কৰ্তব্য। শিক্ষকে মানুহ গঢ়িব পাৰে। শিক্ষক হৈছে ছাত্ৰ-ছাত্ৰীৰ বাবে পথ প্ৰদৰ্শক, ভাগ্য নিৰ্মাতা। গতিকে তেওঁলোকো যত্নসহকাৰে কিছু সলনি হ'ব লাগিব।  
    অভিভাৱক, শিক্ষক আৰু সমাজ অবিহনে শৈক্ষিক পৰিৱেশ সুন্দৰকৈ গঢ়ি তোলা সম্ভৱ নহয়। পিতৃ-মাতৃয়ে সন্তানৰ মূৰৰ ওপৰৰ চালিখন ঠিককৈ দিলে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাব, শিক্ষকে চাৰিবেৰ গাঁঠি দিলে সিহঁত সুৰক্ষিত হ'ব কিন্তু সামাজ নামৰ ধুমুহা বতাহে সিহঁতৰ ঘৰ চুৰমাৰ কৰি পেলালে সকলোৰে সপোন ধূলিস্যাৎ হ'ব।
বাহিৰত পঢ়ি থকা ল'ৰা-ছোৱালীক মাক বাপেকে সদায় ফোন কৰিলে অতি বেছি ৰাতি ৯-১০ বজালৈকে ফোন কৰিব!  খোৱা বোৱা কৰিলে নে নাই বা পঢ়া শুনা কৰিছে নে নাই? শুনা মতে সেইদিনা ৰাতি এক বজাত তেওঁলোক ওলাই গৈছে।  সকলো সময়তে সিহঁতৰ পিছত মাক দেউতাক লাগি থাকিব নোৱাৰে। 
      মেট্ৰিক বা হায়াৰ চেকেণ্ডেৰী পঢ়ি থকা লৈকে সৰহ সংখ্যক ল'ৰা ছোৱালী মাক-দেউতাকৰ লগত থাকে। গুৰুত্ব দিলে তেতিয়াই মাক দেউতাকে জানিব পাৰে নিজৰ ল'ৰা ছোৱালীৰ স্বভাৱ। সংগত পৰিও ভাল ল'ৰা ছোৱালীৰ স্বভাৱ বেয়া হয় । এই ক্ষেত্ৰত মাক দেউতাক সচেতন হ'ব লাগিব। প্ৰয়োজনত কঠোৰ হ'ব লাগিব। 
 ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ ল'ৰা কেইজনৰ বয়সত ল'ৰা ছোৱালীয়ে ভাল কি বেয়া কি ভালকৈ জানে। অথচ তেওঁলোক বেয়াৰ প্ৰভাৱত পৰি নিজৰ ধ্বংস মাতি আনিলে। এইক্ষেত্ৰত অকল পিতৃ-মাতৃ জগৰীয়া নহয়, শিক্ষা অনুষ্ঠান আৰু সমাজো কম বেছি পৰিমাণে ক'ৰবাত নহয় ক'ৰবাত জগৰীয়া।  
        আমি আজি কালি ল'ৰা ছোৱালীৰ পঢ়া কথাত যিমান গুৰুত্ব দিওঁ সিহঁতৰ স্বভাৱ গঠনত সিমান গুৰুত্ব নিদিওঁ।  চৰিত্ৰ গঠনত গুৰুত্ব দিয়া অতি প্ৰয়োজন।  নহ'লে নিজৰ সন্তান নিজৰ শত্ৰু হৈ ঠিয় দিব সেইটো নিশ্চিত। তেনে সন্তানে নিজৰ ধ্বংস মাতি আনাৰ লগতে আমাকো শান্তিত থাকিবলৈ নিদিয়ে। 
আমি ল'ৰা ছোৱালীক ভালকৈ পঢ়িবলৈ কৈ কওঁ - যদি ভাল ৰিজাল্ট কৰা অমুক দিম তমুক দিম, সেইদৰে চুক্তিবদ্ধ হওঁ। এই একেটা কামকে ঘৰৰপৰা গৈ সামাজিক ক্ষেত্ৰতো গা কৰি উঠে। ইয়াৰ ফলতেই আমাৰ সমাজত কেৰুণ সৃষ্টি হৈ সামাজিক ব্যাধি বাঢ়ি আহিছে কিবা এটা নোপোৱালৈকে কোনেও কাকো একো এটা কামকে ইফালৰপৰা সিফাল কৰি নিদিয়ে। এই ক্ষেত্ৰত ঘৰখন, শিক্ষা অনুষ্ঠান আদিৰ গুৰুত্ব অপৰিসীম।
   এটা সুস্থ সবল শৈক্ষিক পৰিৱেশৰ বাতাবৰণ গঢ়ি তোলাতো শিক্ষা অনুষ্ঠানৰ অতি প্ৰয়োজন। ডাঙৰ ডাঙৰ শিক্ষা অনুষ্ঠান গঢ়ি তোলা হৈছে কিন্তু উপযুক্ত শৈক্ষিক পৰিৱেশ সৰহ সংখ্যক শিক্ষা অনুষ্ঠানতে এতিয়ালৈকে গঢ় লৈ উঠা নাই। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কোনো মধুৰ সম্পৰ্ক নাই। আজিকালি শিক্ষকে পাঠ্যপুথিৰ জ্ঞান দিয়াৰ বাহিৰে কোনো কথাত গুৰুত্ব নিদিয়ে, দিব নোৱাৰে। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্বন্ধত আজি-কালি ডাঙৰ কেৰুণ সৃষ্টি হৈছে। এই কেৰুণ আঁতৰ কৰিব লাগিব। এই ক্ষেত্ৰত অভিভাৱকৰ সহযোগিতা লাগিব। 
  শৈক্ষিক পৰিৱেশৰ দুটা  দিশৰ কথা ইয়াত কৈছো। এটা বিদ্যালয়, মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু আনটো ঘৰোৱা শৈক্ষিক পৰিৱেশ। 
বিদ্যালয়ৰ সুশৃংখলিত আভ্যন্তৰীণ পৰিবেশ যেনেদৰে গুৰুত্বপূৰ্ণ তেনেদৰে ঘৰখনৰ শৈক্ষিক পৰিৱেশৰ ভুমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ। এই পৰিৱেশন বিনষ্ট হ'লে আমাৰ সপোন নিঃশেষ হোৱাটো একো অস্বাভাৱিক নহয়। এইক্ষেত্ৰত সকলোৰে দায়িত্ব আছে বুলি ভাবি নিজৰ নিজৰ কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰে যাতে তাকেহে কৰযোৰে আহ্বান জনাইছোঁ।   

⭕তিলোত্তমা মহন্ত গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)