ৰিজাল্টক লৈ হতাশ নহ'বি সোনাই- ৰাজু কলিতা

©Admin
0
ৰিজাল্ট টো ওলাল পাছতো কৰিলি, চুচৰি বাগৰি শেষৰ স্থানত হলেওঁ পাছ কৰিলি।হতাশ নহ'বি সোনাই , সেই উত্তীৰ্ণক লৈ।
তই যেনিবা আগলৈ চাকৰি নাপাবি কি নোহোৱা কথাটোত হ'লনো তাতে ঐ সোনাই?
আছে নহয় আজুককাৰ দিনৰে আগফালৰ মাটি চাৰি কঠা
তাতে ৰচিবি তোৰ জীৱিকা জীৱনী।সেই সাম্য সোণালী পথাৰতে আমাৰ স্বপ্নবোৰ
তাতে পাহি মেলি থাকিব ।আমাৰ সোণোৱালী সপোন
জীৱনত ভাগৰী নপৰিবি সোনাই আগবাঢ় মনেৰে , নিজস্বতাৰে।
 
দেখিছোঁ নহয় ভাল ভাল নম্বৰ লৈ পাছ কৰা কেইটাক?
হ'বলৈ দে , চৰকাৰী বিয়াগোম উচ্চ পদস্ত বিষয়া 
আগলৈ চাবি সোণৰ অসম 
তহঁতিয়ে গঢ় দিবি।
মাথোঁ অহংকাৰ,গৰ্বত মাতাল নহ'বি অহিংসাৰ সপোন ৰচিবি, 
মানুহক সেৱা কৰি সন্মান জনাবি, শ্ৰদ্ধা মৰমেৰে উপচাই তুলিবি , মিঠা স্বাদেৰে অমিয়া সুৰেৰে নিসংকুচেৰে মাতিবি , দেখিবি তহঁতিহে আপোন হৈ পৰিবি সমাজৰ ৰাইজৰ আগত।
 বৌ বুলি মতা তই আই গৰাকীলৈ চা কিমান আশা আছে তোক লৈ,
আশা বোৰ সফল কৰিবি
 সকলোকে সমান দৃষ্টিৰে চাবি, 
উচ্চ-নীচ সেইবোৰ মনলৈ নানিবি, দেখিবি এদিন মানুহৰ আগত সিহঁত বোৰতকৈ তই হে বেছি আদৰৰ হৈ থাকিবি,
দুখ নকৰিবি সোনাই।
জান সোনাই? পিতাই কৈছে ৰাতিলৈ এটা ভোজ আয়োজন কৰিব,
গাৱৰ মানুহকো মাতিব 
সকলোৱে মিলি সুন্দৰকৈ এসাজ খাব ঐ..তোৰ লগৰ নদাই,ভদাই,পোহাই হঁতকও মাতিবি, ভাল পাব।
কিমান যে ভাল লাগিব 
জীৱনটোনো কি কাৰোবাৰ সুখেই সুখ,
 কাৰোবাৰ দুখেই দুখ ,
সেই বুলি জানো কোনোবা ভাগৰি পৰিছে সোনাই..?
 চাকি পোহৰত সপোনৰ ভগ্ন জুপুৰিত বাঁহৰ বিচনাতে বহি পঢ়ি তই পাছ কৰিলি।
কাৰোবাৰ পুতেকে অৰ তৰ পৰা নম্বৰ গোটাইছে সেইবোৰ আওকাণ কৰিবি,
হ'ব দে সোনাই আমি তাতেই সুখী ।
দুখ নকৰিবি হোৱাটো হৈ গ'ল, আহিব লগা দিন বোৰ ভাল কৰিবলৈ চেষ্টা কৰিবি,
 দেখিবি সফল হৈ পৰিবি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)