মোৰ গাওঁ মোৰ মানুহ -চুমিন্দ্ৰ চৌধুৰী

©Admin
0
প্ৰায় ত্রিশ বছৰ আগতেই এৰি থৈ আহিছিলো প্ৰাণভৰি ভাল পোৱা মোৰ কুৰুৱা নামৰ গাওঁখন । নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম হৈ বিভিন্ন ঘাত-সংঘাতৰ মাজেৰে পিতৃমাতৃ, শিক্ষা গুৰু আৰু সুহৃদ লোকৰ আশীৰ্বাদ খুটি খাবলৈ সমৰ্থ হ'লো। শৈশৱৰ কালচোৱাত গাওঁখনৰ বিশেষ কেইজনমান ব্যক্তিয়ে মোৰ মনত প্ৰভাৱ পেলাইছিল। সেই সকল ব্যক্তিক শ্ৰদ্ধাঞ্জলী নিবেদি মোৰ এই বিশটা খন্ডৰ ধাৰাবাহিক খন পাঠক সমাজলৈ নিবেদিলোঁ। দোষ ক্ৰুটি সমূহ আঙুলিয়াই দিলে কৃতাৰ্থ হ'ম ।

 
এজন পাগল প্ৰেমিকৰ কথাৰে
অৱশেষত বহুত প্ৰতীক্ষাৰ অন্ত পেলাই ৰবেনে আমাৰ ষষ্ঠ শ্ৰেণীৰ সকলো লৰা ছোৱালীকে গোলাপদাদাৰ বিয়ালৈ নিমন্ত্ৰণ দিলে ৷ যোৱা এমাহৰ পৰা ৰবেনৰ মুখত দাদাকৰ বিয়াৰ যো জা শুনি শুনি বিয়া খোৱাৰ হেপাহ বাঢ়ি গৈছিল ৷ টুলটুল, বীৰেন, মুকুট আৰু মই আগভাগ ললো সকলোৰে পৰা বিয়া বুলি নগদ দুই টকা কৈ চান্দা তোলাৰ ৷ মাজ কুৰুৱাৰ পৰা মাত্র ব্ৰজেন, কমল, দীপক,লভিতা, কবিতা, যুতিকা, লাবণ্য, মলিন্দ্ৰ , নব, হৰকান্ত, নাৰায়ণ আৰু ৰাতুলে চান্দা দিলে ৷ ওপৰ কুৰুৱাৰ লগৰ সকলো সহপাঠীৰ পৰা চান্দা সংগ্ৰহ হোৱাৰ বাবে এটা মোটা অংক ( প্ৰায় ষাঠি টকা ) আমাৰ হাতলৈ আহিল ৷ বিয়াৰ দিনাখন শেষৰ পিৰিয়ডটো কৰি আমি সকলোৱেই সন্ধিয়া জাহাজ চপাৰ পাছত দেৱ দাদা ( ঘন্টেই দাদা) ৰ দোকানত একল'গ হোৱাৰ সিদ্ধান্ত লৈ ঘৰলৈ উভটিছিলো ৷
ঘৰত আহি ভাত কেইটা নাকে কানে গুজি দেৱ দাদাহঁতৰ ঘৰ পালোগৈ ৷ সৌভাগ্যবশতঃ দাদা দোকানতে আছিল ৷
আমি স্কুলত পঢ়াৰ দিনত লগৰীয়াৰ ককায়েক অথৱা বায়েকৰ বিয়াত উপহাৰ হিচাপে কেইটামান বিশেষ উপহাৰ দিয়া এটা ধাৰা প্ৰচলিত আছিল ৷ তাৰে ভিতৰত দেখোন দাদাৰ দোকানৰ বন্ধাই ৰখা দেৱদেৱীৰ ফটো বা প্ৰাকৃতিক সৌন্দৰ্য্যৰ ডাঙৰ ডাঙৰ ফটো , মৰমী চকৰ হৰেশ্বৰ দাদাৰ দোকানৰ ফুলদানি উপহাৰ দিয়া ৷ গতিকে লগৰ সহপাঠী সকল অহাৰ আগতেই দেৱ দাদাৰ দোকানত থকা বন্ধাই ৰখা ফটো কেইখনমান বাচনি কৰি থলো ৷ লাহে লাহে ৰবেন হতৰ বিয়াৰ ঘৰৰ পৰা উটি অহা মাইকত বজোৱা গীতৰ কলি কানত পৰিব ধৰাত লৰালৰিকৈ ঘৰলৈ আহি বিয়াত যাবলৈ সাজু হ'লো ৷
সন্ধিয়াৰ জাহাজখন আহি ঘাটত চপাৰ সময়তেই সহপাঠী লৰা-ছোৱালী সকলো দেৱদাদাৰ দোকানত লগ হ'লো ৷ সহপাঠীৰ সৰ্ব সন্মতিক্রমে ৰাম,সীতা, লক্ষণ আৰু হনুমানৰ ছবি থকা ফটোখন চুড়ান্ত কৰিলো ৷ অৱশেষত ফটোখনৰ তলত শুভ বিবাহৰ শুভেচ্ছাবাণী লগতে নিজৰ শ্ৰেনীৰ নাম লিখি গুলপীয়া কাগজত বগা ফুল অকা উপহাৰ মেৰিয়াই দিয়া কাগজ এখনৰে উপহাৰ টো মেৰিয়াইলৈ আমি প্ৰায় পচিশজন বন্ধু বান্ধৱীয়ে দ'ল বান্ধি বিয়া খাবলৈ গ'লো ৷
দৈ, চিৰা,গুৰ আৰু ৰসগোল্লাৰে পেট ভৰাই কিছুসময় ধৰি বিয়া ঘৰত থাকি দৰাক উচৰ্গা দি অৱশেষত আমি ঘৰলৈ উভতিলো ৷ মৰমী চকৰ দোকানকেইখন বিয়াৰ নামত বন্ধ থকাৰ বাবে এক ঘিটমিট আন্ধাৰ পৰিবেশ হৈ আছিল ৷ সেই আন্ধাৰতে আমি মদৰ ৰাগিত মাতাল হৈ আমাৰ সকলোৰে চিৰ পৰিচিত কৈবৰ্ত সম্প্ৰদায়ৰ বজেন ককাইদেউ ( ওৰফে তালুকাই )এ সুধাকন্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীত
" মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম......."

 বহুত কৰুণভাৱে গাই থকা শুনি কাষ চাপি গ'লো ৷ এইখিনিতেই এটা কথা কব লাগিব যে ১৯৯৮৭-৯০ চনৰ সময়ছোৱাত আমাৰ বৃহৎ গাওঁখনত মাত্র চাৰিজন নে পাচজনহে মদ খোৱা মদাহী বুলি পৰিচিত লোক আছিল ৷ আৰু সেই সকলক আমি ৰাস্তাই পথে দেখিলে লুকাই দিছিলো ৷ কিন্ত তালিকাৰ ক্ষেত্ৰত ই অবশ্যেই ব্যতিক্ৰম আছিল ৷ তেওঁ মদৰ ৰাগিত মাতাল হৈ পৰিলেও কেতিয়াও উগ্ৰ হৈ ব্যাভিচাৰ মাত মাতি হাই কাজিয়া নকৰিছিল ৷ মদৰ ৰাগিত তালুকাই বিশেষ ভংগীমাত সুৰ টানি গোৱা সুধাকণ্ঠৰ প্ৰেমৰ গানবোৰে বাৰুকৈয়েই আমাক আকৰ্ষিত কৰিছিল ৷ সেই সন্ধিয়াও বিয়াৰ পৰা উভতাৰ পথত আমি কেইজনমানে তালুকাইক আগুৰি ধৰি এটাৰ পাছত এটা গান গাবলৈ অনুৰোধ কৰি গ'লো ৷ আমাৰো অনুৰোধ ৰক্ষা কৰি তালুকাই নাচি বাগি গান গাই গ'ল ৷ ঠিক তেতিয়াই আমাৰ মাজৰ কোনোবা এটাই তালুকাইক ৰেণুকালৈ মনত পৰে নে বুলি সোধাত আনন্দত মাতাল হৈ নাচি থকা আমাৰ চিৰপৰিচিত হাঁহি ধেমালিৰ তালুকাইএ হুকহুকাই কান্দিব ধৰিলে ৷ আমি কি হ'ল একো তৰ্কিবই নোৱাৰিলো ৷ লগৰ দুজন মানেহে ভেদ ভাঙ দিলে যে ৰেনুকা তালুকাইৰ পত্নী আছিল ৷ কিন্ত বিয়াৰ কিছুদিনৰ পাছতে পত্নীৰ বিয়োগত তালুকাই ভাঙি পৰিছিল ৷ সদ্য বিবাহিতা পত্নীক হেৰুৱাই মৰ্মাহত হৈ লাহে লাহে তালুকাই মাতাল মদাহী পৰিলেও নিজৰ প্ৰেমক পাহৰিব পৰা নাছিল ৷ দিনটো মাছধৰি পোৱা টকাসিকা কেইটাৰে গধূলি এটুপি গললৈ গিলি পত্নী ৰেনুকাৰ মৰ্মান্তিক স্মৃতিৰ পৰা উপশম পাবলৈহে ৰাস্তাই ৰাস্তাই গান গাই ফুৰে বুলি জনাৰ পাছত মনটো কিবা সেমেকি উঠিছিল ৷ আৰু ঠিক তেতিয়াই আমাক সকলোকে আচৰিত কৰি তালুকাইএ নিজৰ জেপৰ পৰা পাছ টকা এখন উলিয়াই দি কলে, তঁহতি এই পাছ টকাৰে নামঘৰত দৰা কইনা দুয়োজনৰ মংগলৰ কাৰণে চাকি জ্বলাই দিবি ৷ তালুকাইৰ এইষাৰ কথাই মোৰ কৈশোৰ মনত চিৰ কাললৈ ৰেখাপাত কৰি গ'ল ৷ এজন মাতাল মদাহীৰ ভিতৰত লুকাই থকা মাতাল প্ৰেমিক জনৰ মনৰ কথাখিনিয়ে মোৰ সচাঁকৈয়ে হৃদয় চুই গ'ল ৷ আমি কেতিয়াবা মানুহ এজনৰ হৃদয়খন নিচিনাকৈয়ে তেওঁৰ প্ৰতি অভিমত প্ৰকাশ কৰি সমাজত এক সুকীয়া পৰিচয় সজাই পেলাও ৷ আজি সেই অমৰ প্ৰেমৰ চানেকি তালুকাই আমাৰ মাজত নাই কিন্ত যতেই নাথাকক তেওঁৰ আত্মাই শান্তিত থাকক তাকেই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷
মোৰ গাঁৱৰ অখ্যাত লোক সকলে এৰিথৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ সাহস লভে তাৰেই কামনাৰে আজিলৈ সামৰিলোঁ ৷
-✍️চুমিন্দ্ৰ চৌধুৰী, 
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)