স্বপ্নাতুৰ -মূৰ্চ্ছনা বৰা

©Admin
0
জীৱন নামৰ নদীখনৰ বুকুত
 নাৱত উঠি সহস্ৰ যাত্ৰীৰ অবিৰত যাত্ৰা,
হয়তো কোনোবাই এখন উচ্চ দৰৰ নাৱত উঠিছে
আৰু আন কাৰোবাৰ বাবে হয়তো
 টুলুঙা নাওখনেই সম্পদস্বৰূপ।
সফলতাৰ ঘাটটোত উপনীত হোৱাৰ অক্লান্ত চেষ্টা
কিন্তু দৰিদ্ৰ-মধ্যবিত্তৰ জীৱন জানো ইমান সৰল?
টোপোলাটোত বান্ধি থোৱা 
সপোনটি পূৰণৰ অনেক আশা,
কিন্তু অৰ্থবিহীনভাৱে কিমান যোজন সম্ভৱ?
আনৰ ঘৰত দিনটো কৰা কৰ্মৰ অন্তত ,
আয়ে অনা কেইটামান টকা 
সুৰাপায়ী বোপায়ে মাৰ-ধৰ কৰি কাঢ়ি লোৱা
দৃশ্যৰ প্ৰত্যক্ষদৰ্শী,
মোৰ দৰে স্বপ্নাতুৰৰ বাবে কিমান সম্ভৱ
এক স্বচ্ছল জীৱনৰ আশা কৰা?
হয়তো অটব্য অৰণ্যৰ মাজেৰে অহা
এটি পোহৰৰ কিৰণৰ দৰে,
যি কিৰণক সহায়স্বৰূপে লৈ আগবাঢ়িবই লাগিব
কিয়নো,এটা সপোনৰ লগত সংলগ্ন
আনটো সপোনকো পূৰ্ণ কৰাৰো দুৰ্বাৰ হেঁপাহ 
সেইয়া অনুপম জীৱন সাৰ্থক কৰাৰ।
সেয়ে সপোন দেখিয়ে যাম
সেই টুলুঙা নাৱতে বহি আনন্দময়ভাৱে।

✍️মূৰ্চ্ছনা বৰা
ধেনুচোঁচা, যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)