মই প্ৰাৰ্থনা কৰোঁ তোমাৰ প্ৰতিছায়াক
হৃদয়ৰ সমস্ত সহ্য শক্তি যাচি
প্ৰাৰ্থনা কৰোঁ তোমাৰ ব্যক্তিত্ত্বৰ সৌন্দৰ্য্যক
আৰু দুগুণ সুন্দৰ কৈ দৰ্শন পাবলৈ ....
মোৰ শত সহস্ৰ শকতি ভকতি
তোমাৰ উজ্বল কৰুণাময়ী মুখখনিলৈ
হৃদয়ৰ ৰক্তিম পুষ্প সুগন্ধি হিচাপে কৰযোৰে যাচোঁ
তাৰ পোহৰত তোমাৰ বৰ্ণিল জ্যোতি
মোৰ দুচকুত আহি হাঁহে
ময়ো হাহো
পৰম তৃপ্তিৰে .... ক্লেশ পাঁহৰি প্ৰেম ভাবেৰে
মই তোমাৰ পৰা একো নিবিচাৰোঁ
মই তোমাৰ প্ৰেমিক
প্ৰাৰ্থনাৰ নিশ্চল নিৰৱতাৰেই
মই যি বিচাৰি পাওঁ সেয়া অন্য এক অনুভূতি
কিন্তু সদায়ে তোমাক হাঁহি মুখেৰে
দেখিব বিচাৰোঁ
সেয়ে তোমাক মোৰ সমস্ত ভাল পোৱা যাচিলোঁ
প্ৰেম এক প্ৰাৰ্থনাৰ নিৰ্মালি.....
✍️ সুৰজ বৰগোহাঁই ,ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ