নীলকণ্ঠ••দেৱযানী পূজাৰী

Sibani Baruah
0
বৰ্ষা ঋতু তোমাক বহুত ভাল পাওঁ 
চোতালৰ দুবৰি বন তিতে যেতিয়া
ঠিক ৰ'দ কাঁচলি জিলিকনিত
মুকুতা মণিৰ  দৰে
প্ৰকৃতিৰ বুকুলৈ বৰষুণ জাক
নামি আহিছে।
এপলক দৃষ্টিৰে চাই পঠিয়াওঁ
মোৰ ফুলনিৰ নীলকণ্ঠ জোপালৈ
ফুলি উঠে  ফুলবোৰ আপোনা আপুনি।
নীলা ৰংটো বৰ প্ৰিয় মোৰ
নীলিম আকাশৰ বক্ষত  জিলিকি আছা 
নীলকণ্ঠ, নীলকণ্ঠ তোমাৰ নাম
বাৰিষাৰ প্ৰথমটো দিনত  
চাকনৈয়া ওফন্দি উঠে
বসন্তৰ  আনন্দৰ উন্মাদনাত
ফুলি ৰোৱা মোৰ ফুলনিডৰাত,
অথবা গিৰিমালাৰ চূড়াৰ শিখৰত
হিয়া উপচাই ৰাখিছোঁ
তোমাক সযত্নে।
দেৱৰো আদিদেৱক পূজো
নীল কণ্ঠ ফুলৰ মালাৰে
পুষ্পাঞ্জলী সশ্ৰদ্ধাৰে
হে  যোগীবৰ  দুখানি চৰণ
কৰিম মই দৈনিক আৰতি
আবেগৰ  বৰষুণে তিয়াব নোৱাৰাকৈ
সযত্নৰে  অতি সংগোপনে 
তাহানিৰ পৰা এতিয়ালৈ
অবিৰাম ভাৱে চলি আছে
তোমাৰেই পূজা অৰ্চনা
অতি  আধ্যাত্মিকভাৱে
সেই নীল কণ্ঠ ফুলৰ সুবাসেৰে
বৰ্ষাৰ ঋতুৰ  বুকুলৈ নমাই আনক
স্ৰোতস্বিনী গঙ্গাৰ  নিৰ্মল জলৰাশি।

✍️দেৱযানী পূজাৰী।
         (ডিগবৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)