প্ৰিয়া••বুলেন নাথ

Sibani Baruah
0
তোমাক নাচাওঁ বুলি ভাৱিলেও 
চাইকেলখন থমকি ৰয় 
তোমাৰ ঘৰৰ আগত গৈ ।
হয়তো ভঙা চাইকেলখনো 
প্ৰেমত পৰিছে তোমাৰ 
ঠিক মোৰ লগে লগেই ।
তোমাক দেখিলে অভিমানত 
নামাতো বুলি ভাৱোঁ 
তথাপিও হাতৰ আঙুলি কেইটাই 
অজানিতেই টিকিলাই দিয়ে
মোৰ প্ৰাণৰো প্ৰাণ 
ভঙা চাইকেলখনত ।
হয়তো আঙুলি কেইটাই 
আজিও পাহৰিব পৰা নাই 
গোলাপৰ দৰে কোমল 
তোমাৰ লিহিৰি হাতৰ পৰশ ।।
     ✍️বুলেন নাথ
        দৰং
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)