মা••জ্যোতিষ্ক বৰুৱা

Sibani Baruah
2
মা জনীৰকাষত সময় কটোৱা মজাই বেলেগ ৷  কেতিয়াবা বিভিন্ন ব্যস্ততাৰ মাজত সন্ধিয়া পৰত কাটি থোৱা তামোলৰ সোৱাদ বিচাৰি মাৰ কাষলৈ গৈ এখনি তামোল খোজাৰ চলেৰে দুই এষাৰ কথাৰে সময় দিলে মাকবোৰৰ কিমান যে  অপাৰ আনন্দ লাগে ৷ 
আমি যেতিয়া সৰু আছিলো প্ৰতিটো ক্ষেত্ৰতে আমাৰ বাবে আটাইতকৈ বেছি সময় দিয়া মানুহ গৰাকীয়েই আমাৰ মা ৷ মাকৰ মৰমবোৰ,আশাৰ সপোনবোৰ সদায় একো একোটা সন্তানৰ ওপৰতেই নিহিত থাকে ৷ এতিয়া তেওঁলোকৰ বৃদ্ধ বয়সত আমিও তেওঁলোকক সময় দিয়া উচিত ৷ এই বয়সত আমিবোৰেই তেওঁলোকৰ কাষত জীয়াই থকাৰ একমাত্ৰ ভৰষা ৷ জন্মলগ্নৰে পৰা আমাৰ বাবে নিজ পিতৃ গৃহ ত্যাগ কৰি জীৱনৰ বহুমূলীয়া সময়কন এক গভীৰ দায়িত্বৰে স্বামী গৃহত সকলোকে সন্তুষ্ট কৰি ৰাখিৱৰ প্ৰয়াসত কিমান যে কত কি কৰিলে তাৰ লেখ হিচাপ কৰিব নোৱাৰি ৷ নিজৰ ভাগৰখিনিও সকলোকে দি কেতিয়াৱা শেষত নিমখেৰে খাই তৃপ্ততা পোৱাৰ সুখকণো এগৰাকী মাতৃৰহে আছে ৷ 

কোনো দিনে গীত গাই নোপোৱা এগৰাকী মাতৃ সন্তানৰ কাষত শিশুকালত নিচুকনী গীতৰ শ্ৰেষ্ঠ গায়ক ৷ সন্তানৰ বাবে কোনো কালেই ভাগৰি নপৰা ইটো সিটো কথাৰে আমনি নলগা মাৰ কথাবোৰত সদায় থাকে উৎসাহ ৷ মনত জগায় তোলে ঘৰখনৰ প্ৰতি, সমাজৰ প্ৰতি,ওচৰ চুবুৰীয়াৰ প্ৰতি  দায়িত্ববোধ ,দায়বদ্ধতাৰ চেতনা ৷ সদায় এজোপা বট গছৰ দৰে ছাঁয়া হৈ জীৱনটোক ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰাৰ আজীৱন পণ এটি লৈ সন্তানৰ প্ৰতি থাকে নি:স্বাৰ্থ অগাধ ভালপোৱাৰ গোন্ধ ৷ স্বাৰ্থপৰ পৃথিৱীত নি:স্বাৰ্থপৰ যদি আছে সেইয়া এগৰাকী মাতৃহে কেৱল ৷ সন্তানৰ বাবে এগৰাকী মাতৃ সদায় নি:স্বাৰ্থ আজীৱন বীৰ যোদ্ধা ৷ জীৱনটোত সন্তানৰ বাবে সৰ্বস্ব ত্যাগ কৰিব পৰা একমাত্ৰ পৃথিৱীত কোনোবা আছে যদি সেইয়া হ'ল আমাৰ সকলোৰে একমাত্ৰ জন্মদাত্ৰী মাতৃ ৷

✍🏾 জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম ৷
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সুন্দৰ ৷ প্ৰথম শাৰীত "মা -জনীৰ কাষত সময় কটোৱা মজাই বেলেগ" হৱ লাগিছিল ৷ দুৰ্ভাগ্যৱশত: "মা-জনীৰ" শব্দটো থাকি গ'ল ৷ পাৰিলে শুদ্ধ কৰি দিৱচোন ৷
    ধন্যৱাদেৰে
    জ্যোতিষ্ক বৰুৱা

    ReplyDelete
  2. সুন্দৰ অনুভৱৰ লিখনি

    ReplyDelete
Post a Comment