বিষ্ণুৰাভা তুমি আকৌ আহা- ৰেণু শৰ্মা

©Admin
0
এয়ে সেই সোণপাহি ঘাট :
ডিমৌ নদীৰ এই সোণপাহি ঘাট   
পলাতক ৰাভাই বৰশী বোৱা ঘাট
এই ঘাটেদিয়ে বিপ্লৱৰগীত গাই গাই
হাতত ৰঙা নিচান লৈ
মাজে মাজে লুইত পাৰৰ সেমেকা বতাহউত্তাল কৰি
তাণ্ডৱৰ নাচোন সামৰি
তেওঁ গুচি যায় উদ্দাম গতিৰে 
অনিৰ্দিষ্ট ঠিকনা বিচাৰি।
সেউজীয়া বননিৰ মাজে মাজে সৰি পৰি যায় তেওঁৰ       
হিয়া পদুমৰ এটি পাহি দুটি পাহি। 
তেওঁৰ কথাবোৰ আমি তেতিয়া বুজিয়ে নাপালোঁ।তেতিয়া তেওঁৰ গীতৰ সুৰে।কবিতাৰ ভাষাই আমাৰ হৃদয় তন্ত্ৰীত নুতুলিলে কঁপনি ।আলোকসন্ধানী আমাৰ অন্তৰৰ পাৰাবাৰ নুঠিলে উঠলি তেওঁৰ সুৰতে সুৰ মিলাবলে । 
আমাৰ নহ'ল হেঁপাহ      
তেওঁ বুভুক্ষু পৰাণৰ জুই নুমাবলে ! , যি অসমীয়া দৰিদ্ৰ জনতাৰ মুক্তিৰ বাবে 
আজীৱন সাধনাত ব্ৰতী হৈছিল      
নিজৰ সৰ্বস্ব যি কৰিছিল অকাতৰে দান!
চিনিলোঁনে আমি সেই মহান আত্মাক?

অসমীয়া গাভৰুৰ ঘিলা খোপাত
হিয়াৰ পোৱালমণি পিন্ধোৱা 
প্ৰেমিক ৰাভাক আমি চিনিও নিচিনিলোঁ।
প্ৰতিজন দলিতক বুকুৰ বান্ধৈ বুলি সাৱটি লোৱা ৰাভাক আমি দিলোঁনে ক্ষুধাৰ এমুঠি ভাত?

আজি আমি সেই ৰাভাকেই বিচাৰি"ফুৰিছোঁ 
হামৰাও কাঢ়িছোঁ।    
আমাক লাগে ৰাভাৰ দৰে এজন সঁচা বন্ধু
সত্য শিৱ সুন্দৰৰ পূজাৰী
বলিষ্ঠ নেতা।       
বিষ্ণু ৰাভা ! তুমি আকৌ আহা
আসুৰীয় সভ্যতাৰ ধ্বংশস্তুপত তুমি আকৌ তাণ্ডৱ নাচাহি।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)