আকুলতা- অনন্ত কুমাৰ ভূঞা

©Admin
0
কিয় উচুপি কান্দা
প্ৰতি সন্ধ্যা সমাধিত গৈ
কিয় আজুৰি আনা
জঞ্জাল জীৱনৰ ?
দুখৰ নিশা শেষ হ'ব
সুখৰ নিশাই বোৱাই দিব
এধাৰি শান্তিৰ নিজৰা ।
স্মৃতি বুকুত লৈ
লিখি যোৱা মনৰ কথা
খোজ দিয়া নিজৰ বাটত 
সপোনৰ কথা কৈ 
এবোজা দুখ বুকুত লৈ 
নিগাজি বাসিন্দা 
কিয় হোৱা মৰুভূমিত গৈ ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)