পাপ অপাপৰ উঠন পূৰণ
পবিত্ৰ অপবিত্ৰ শৰাই নৈবেদ্য
বিড়ম্বনা দেউৰী , ভকত , অভকতৰ ।
কোনো দিনে নভৱা বোৰেই আহে
বাৰে বাৰে জীৱন বাটত জেওঁৰা দি
একেবোৰেই ভাঙি পাতি জীৱন কৰিছোঁ পানী ।
সুখৰ দিনতেই উজাই আহে
হাতৰ মুঠিত চেনেহৰ দাগ
এৰিম বুলিওটো এৰিব নোৱাৰি লোভ মোহ অহংকাৰ।
লুকাই থব পৰা হ'লে কাণে কাণ মাৰি
মন বিহাৰৰ পাষাণ চৰিত্ৰ
উচ্চ নীচ বিভেদৰ অৰিয়া অৰি ।
অথচ , আত্মাই বিচাৰে পৰম আত্মা
সুন্দৰে সত্য , সত্যত ধৰ্ম
তথাপিও , জীৱন গঢ়াবলৈ পোখা মেলা শিপা
কিঞ্চিৎ ও নাই ভয় অৱতৰী মায়াত ।
শেলাই ভেকুৰ গঁজা দি
এদিন পৰি ৰ'ব সেন্দুৰীয়া জীৱন
মায়া মোহ ধন জন ঐশ্বৰ্য্য বিভূতি এৰি
মৰা নদীৰ শুকান বালিৰ
যেন বিভৎস এক শামুকৰ খোলা !!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ