খেতিপথাৰ••লহৰজ্যোতি মৰাণ

©Admin
0
শাওন মাহ সোমালে
ত'ত নাপাও ৰ'বলে
নিজকে ৰাখিব লাগে
বোকা-পানী মাজেৰে।। 

পুৱাতে উঠি নাঙলত
ধৰো মুঠি মুঠি 
খেতি পথাৰ জীপাল কৰো
শষ্য বীজ সিঁচি সিঁচি।। 

ৰ'দ বৰষুণ একাকাৰ কৰি
ব্যস্ত ৰাখো জীৱন ভৰি
হাড়ভঙা কঠোৰ পৰিশ্ৰম কৰি
নাপাও অকনো সহাঁৰি।। 

সপোনৰ পম খেদি
সোণগুটি বুটলি বুটলি
অন্নদাতা অন্নমুঠি
জিলিকাম খেতিৰ
ভৱিষ্যতৰ আশাৰ ৰেঙনি।। 

✍️লহৰজ্যোতি মৰাণ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)