মৰমবোৰ
গুজি লৈ তুমি
যেন
কালৈ আছা ৰৈ
কোৱা নোকোৱা
বহু কথা যেন
কবিতাঃ
কবিতা লাগে
এতিয়া-----
বুকুয়েদি বুকুত
মৰমবোৰ
ভটীয়াই
তেজৰ নৈৰ
সোঁতত বৈ-----
কিয়নো জানোচা
লাগে এনে যেন
তুমি বাসনা
হৃদয়ৰ চাগে
বিষাদিত গাঁথা
ক'বলৈ মন যায়
বহু কথা
নিজান পৰত
নিৰলে
নিৰলাত বহি
কম বুলি নহয়
যেন কোবা
ৰৈ যায় বুকুত
নৈঃশব্দে
কথাৰ সিন্ধুমতি
প্ৰেম ভালপোৱা
নীলা চৰাই
খুঁটি
খুঁটি খায়
বুকুৰ মৰম হেনো
পোৱা নোপোৱা
যেন যন্ত্ৰণাই
বুকু ভেদি
গচকি যায়
দুঃস্বপ্নত জানো---!
***
✍️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ