অসাৰ জীৱন- ভাগ্যশ্ৰী বিনীতা

©Admin
0
অগ্নিৰ ফিৰিঙটি পৰি
জ্বলিছে মোৰ দেহ . . .

বিষাদেৰে আঁৱৰি ধৰিছে 
উতলা দেহ . . .
ভৰপক যৌৱনত সেমেকা শীতল দেহৰ তৰংগ . . .

গভীৰ নিশাও সাৰে থাকো মই
সাৰে থাকে মোৰ
চকুৰ পতাত তিৰবিৰাই
লুণীয়া নদী 
হৃদয়ৰ যন্ত্ৰনা অসাৰ চকু পানী . . .

তথাপি আছো 

প্ৰকৃতিৰ বুকুত সজীৱ হৈ . . .
ৰামধেনু ৰঙৰ দৰে
উশাহে নিশাহে জীৱন জুৰাই . . .

মোৰ বিচাৰি চাবলৈ মন
জীৱনৰ এটি ঘাই শিপা ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)