অনুৰণন- আয়নাল হক

©Admin
0
বুকুত এজাক ৰ'দ সামৰি
আন্ধাৰত আছোঁ মই--!
নুতুলিবি কৰুণ সুৰ
মনৰ গহন বনত ।

কপৌজনীৰ কুৰুলিত
দুপৰীয়াটো গহীন হ'ল!

কোনে জানে
কাৰ পদূলিত কেতিয়া
পলাশে সপোন সিঁচে ।

সন্ধিয়া নামিল--
আন্ধাৰবোৰ ছটিয়াবলৈ!
এইয়াই সময়--
গোপনে নিজক বিচাৰিবলৈ...।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)