প্ৰেমৰ অনুভৱ- পিংকি শৰ্মা

©Admin
0
হৃদয়ত যেতিয়াই মিঠা অনুভূতি
জিলিকি উঠে..........
তেতিয়াই‌ চাগে অন্তৰত প্ৰেমৰ জন্ম হয়,
ফাগুনৰ পছোৱা জাকে,
বসন্তৰ এচাতি কোমল বতাহে মোক
চঞ্চল কৰি পেলালে,
শৈশৱ স্মৃতি মনত পৰিলে
উত্তেজিত হওঁ মই 
তোমাৰ কথা ভাৱি
হৃদয়ৰ একোণত আঁকি থোৱা
তোমাৰ প্ৰতিচ্ছবি খন দেখি
মনত পৰে তোমাৰ মিঠা মিঠা
মৌ সনা সুমধুৰ মাত,
মোৰ মায়ালগা দুচকুত আন্দোলিত হয়
তোমাক লৈ এক সপোন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)