আকাশ -দেইজী কাৰ্খ বৰদলৈ

©Admin
0
হে আকাশ

নিবিচাৰোঁ তোমাৰ

সমান হ'বলৈ

নিবিচাৰোঁ উদাৰতাৰ

বিশাল গৰাকী হ'বলৈ

মাথোঁ সেই মানুহ

হ'বলৈ দিয়া

যিয়ে ভাল কাম

কৰি আগুৱাই

যাব পাৰে।।

প্ৰত্যয়ৰ গভীৰতাৰে

হৃদয়ৰ ঐশ্বৰ্য্যৰে

আৰু হ'বলৈ দিয়া

সেই মানুহ

যিয়ে মাটি খামুচি ধৰি

অন্তৰত পুহি ৰাখে,

আকাশ স্পৰ্শৰ বাসনা।।

দুখৰ মাজতো সুখৰ

 অনুশীলন হ'বলৈ দিয়া

প্ৰাণভৰি উশাহ ল'বলৈ

চেষ্টা কৰিবলৈ দিয়া।।।।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)