সাগৰখনে কান্দিছে -ভাগ্যশ্ৰী বিনীতা

©Admin
0
দিনে দিনে সাগৰখনৰ দুখবোৰ বাঢ়িব ধৰিছে
প্ৰকৃতিয়ে চকুলো টুকিছে . . .
জোন,তৰা,নক্ষত্ৰ
সীমা হীন আনন্দৰ নিৰ্জন নিস্তব্ধতাৰে
জননীৰ বুকুলৈ চাই চকুলো নিগৰাইছে . . .

জাগ্ৰত জনতাই অনুসৰণ কৰি
জননী আইৰ দুহাতৰ শিকলি খুলিবলৈ
আনন্দৰ ঢৌ তুলি বিশ্বাসেৰে চকীখন গতাই দিলে 
আমোল পৰিৰ্বতন বিচাৰি . . .
স্নেহৰ পুত্ৰক ৰজা পাতিলে . . .

সকলোতে মাথোঁ পৰাজয়
মাতৃৰ প্ৰসৱকাৰিনিৰ যন্ত্ৰণাৰ দৰে
সকলোৰে হৃদয়ত জ্বলিছে বিষাদৰ জুই 

মোৰ আইক গতাই দিলে 
টকাৰ লালসাত 
অচিন সদাগৰৰ হাতত . . .
আইৰ ৰ্গভত থকা সম্পদবোৰ 
এপদ এপদকৈ বিক্ৰী কৰিলে সিহঁতে . . .

সাগৰৰ তলিৰ
জিলমিলাই থকা
মনি মুকুটাবোৰ বিচাৰি চলাথ কৰিছে সিহঁতে . . .
দিনে দিনে সাগৰখনৰ দুখবোৰ বাঢ়িব ধৰিছে ।।

                                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)