বন্ধু- সূৰজ বৰগোহাঁই

©Admin
0
বহু মানুহ
জীৱনলে আহে আৰু যায়
কোনোৱে বহু দি থৈ যায় 
কোনোৱে বহু কাঢ়ি লৈ যায়
বহুতৰ মাজত
প্ৰকৃত বন্ধুবোৰ ৰৈ যায়

বন্ধুত্বত বয়সৰ সীমা নাই
বন্ধুত্বত ক'লা-বগা, ধনী-দুখীয়াৰ জোখ নাই
চিনাকি এদিনৰ হওঁক
 বা দহ বছৰৰ হওঁক
 বন্ধুৰ সৰল মনটোক বুজিব পৰা 
 সহজ মন এটা হ'লে
 বন্ধুত্বৰ অনুভূতি অজান্তিক সহানুভূতি

আতঁৰি যাব খোজা জনক যাবলে দিয়া
জানিবা তেওঁ সদায় স্বাৰ্থ পূৰণৰ কাৰণেই
তোমাৰ সংগ লৈছিল
তেওঁৰ ওচৰত তোমাৰ কথাৰো মূল্য নাছিল

ব্যস্ত পৃথিৱীত অযান্ত্ৰিক দুটি এটি কথাৰ
জিৰণিৰ বাবেওটো বহু বন্ধুত্বত গঢ়া হয়

দূৰৈত থাকিও যিজনে
তোমাৰ শব্দ শুনি বুজি পায় 
তেওঁৱে চাগে বন্ধু
নিজৰ হাজাৰ দুখৰ মাজতো 
যিজনে তোমাৰ সৈতে সুৰ মিলাই
সুখী হ'ব খুজিছে
সেয়াই চাগে বন্ধু....
সচাঁ মিছা একো নাথাকে
যি মিছা সেয়া বন্ধু নহয়....,

তোমাক দিব পৰা 
সময়ৰ বাদে 
মোৰ একোৱেই নাই বন্ধু,
নিৰৱ প্ৰিয় মোৰ প্ৰেম,বন্ধু্ত্ব
সময়ৰ হাততেই শূণ্য
নকবা বন্ধু প্ৰতিশ্ৰুতিৰ কথা 
ভাগি গ'লে হৃদয়ক বুজাব নোৱাৰিম 
কথাৰ মাজেৰেই বিশ্বাস গঢ়ি তোলিবা
"মই সদায় তোমাৰ সৈতে আছোঁ বন্ধু, ভয় নকৰিবা.....!"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)