সুৰৰ আঁৰে আঁৰে কিশলয় সাংস্কৃতিক গোষ্ঠী••মোস্তাকিন শ্বেখ

©Admin
0
মোৰ সৰুৰে পৰাই সংগীতৰ প্ৰতি আকৰ্ষণ আছে । মই তৃতীয় শ্ৰেণীৰ পৰাই গীত পৰিৱেশন কৰিছিলোঁ ।
লগতে বিভিন্ন বিহু মঞ্চত পুৰস্কাৰো লাভ কৰিবলৈও সক্ষম হৈছোঁ । আজি মই মধ্য অসমৰ এটি উল্লেখযোগ্য সাংস্কৃতিক গোষ্ঠীৰ বিষয়ে ক'বলৈ লৈছোঁ। "চিৰ সুন্দৰ হওঁক জাননীৰ সংস্কৃতি" মন্ত্ৰ লৈ ১৯৭৮ চনত জন্ম হয় "কিশলয় সাংস্কৃতিক গোষ্ঠী"ৰ । সাংস্কৃতিক জগতৰ প্ৰতি লক্ষ্য ৰাখি ২০০০চনত ড⁰ ভূপেন হাজৰিকা কিশলয় স‍ংগীত মহাবিদ্যালয়ৰ শুভাৰম্ভ হয় । বৰ্তমান মই নিজেও এইখন মহাবিদ্যালয়ৰ "কণ্ঠদান"বিভাগৰ ছাত্ৰ । সংগীতৰ উপৰিও খোল বাদন, হাৰমনিয়াম, তবলা, নৃত্য আদি
শিকোৱা হয়। আশাকৰোঁ আগন্তুক দিনত কিশলয় সাংস্কৃতিক গোষ্ঠী অধিক জাকত জিলিকা হৈ উঠিব । শেষত "দেশৰত্ন" ড⁰ ভূপেন হাজৰিকা দেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ । 
     "এটি এটি ক্ষণ যেন মুকুতাৰে ধন 
    এনেয়ে হেৰুৱালে নাহে উভতি"

✍️মোস্তাকিন শ্বেখ
       নৱম শ্ৰেণী
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)