প্ৰেমৰ সুৰ, মানস জান শইকীয়া

©Admin
0
স্মৃতিৰ দলিচাত তোমাৰ প্ৰতিচ্ছবিৰে
উঠিছে প্ৰেমৰ লহৰ,
হৃদয়ৰ কোঠাত লগনৰ স্বপ্নৰে
বৈ আছে মৰমৰ সাগৰ।
এচাটি মলয়াৰ সুৰীয়া সুৰে
আনিছে প্ৰেমৰ জোৱাৰ,
বহুৰঙী পখিলাৰ সুমধুৰ পাপৰিয়ে
মোকলাই মিলনৰ দুৱাৰ।
জিকমিক জোনাকীৰ তিৰবিৰ পোহৰে
দি যায় তোমাৰ বাতৰি,
প্ৰেম অভিধানৰ পৃষ্ঠা খুলি খুলি
লিপিত কৰোঁ মৰমৰ সঁহাৰি।
অমৰ হৈ ৰ'ব তোমাৰ মোৰ মৰম
লিখি ৰাখিম প্ৰেম বুৰঞ্জীত,
মৰমৰ ডায়েৰি সম্পূৰ্ণ হ'ব
দুয়োৰে দিঠকৰ চায়েৰিত।
              
✍️মানস জান শইকীয়া
 ৰঙামাটি চেউনী গাওঁ ,বাদুলিপাৰ 
                      গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)