কণ কবিতা ••দিলীপ কুমাৰ শৰ্মা

Sibani Baruah
0
১/
গালত লগাই
গাখীৰৰ সৰ,
বোন্দাই মাৰিলে
কুকুৰক চৰ। 

 ২/
কোঠালিত থৈ
দাইল এথালী,
নষ্ট কিয়নো
কৰিলি কালি?

৩/
আধাৰ আধা
কিমান হয়,
গাধাই তাকে
ভাবি ৰয়। 

৪/
খনীয়া চাদৰ
কৰি আদ-খনীয়া,
ধুনীয়া পৰহিয়ে
পালেগৈ জনীয়া।

৫/ 
গঁড়টো এদিন
হৈ যাযাবৰ,
এৰি গ'ল
বাৰী ঘৰ। 

৬/
হুদুৱে দেখুৱাই
আজৱ যাদু,
কঁঠালৰ কোঁহ
কৰিলে বাদু।

৭/
বানৰ-শিয়ালেই
যত-কুটৰ-ঘাই,
পথিকৰ সকলো
কল পেলালে খাই।

৮/
গেলামালত হৈ
মহা গোলমাল,
দোকানীৰ চুলি
হ'ল ডাল ডাল।

৯/
হুদুৰ খাই
গেমেহা ভুকু,
ফেঁচাৰ ওলাল
দুয়োটা চকু। 

১০/
পিঠিত কঢ়িয়াই
মস্ত হোৰা,
পঁইতাচোৰাটো
হ'ল খোৰা।

১১/ 
পুৱা খাই উঠি
পঁইতা ভাত,
আপঁইতা বাঁহেৰে
সাজিছোঁ খাট।

১২/ 
দিয়া চলাই
জুই জ্বলাই,
তাতে ভাজি
খাওঁ কৰাই।

১৩/ 
বিয়াত দিবলৈ
আয়তীৰে উৰুলি,
উৰুলিকৃত হৈ
ওলাল ৰুলী।

১৪/ 
খঁৰা শিয়ালৰ
আবতৰীয়া বিয়া,
ঘনচিৰিকাৰ তত
হৈছে নাইকীয়া।

১৫/
আবোল-তাবোল
কথাৰ বোল,
বুজোতে ওলায়
ঘামৰ জোল। 

১৬/
ছলাহী কথাৰ
চলিহা ভঁৰাল,
শুনি আঁতৰে
ঘৰৰে বিড়াল। 

১৭/
সদাই সদায়
আনৰ দায়,
খুঁচৰি খুঁচৰি
সময় কটায়। 

১৮/
টিলৌ-টিপৌ
চৰাইৰ পোৱালী,
হলৌ-জলৌ
চোলাৰে ছোৱালী।

১৯/
ফজিৰতে লৈ
কান্ধত জকাই,
ককাই ধৰিলে
দুচকু পকাই। 

২০/
খঙতে হৈ
টিঙিৰি-তুলা,
বুলাই ভাঙিলে
দুখন কুলা।
 
✍️  দিলীপ কুমাৰ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)