বৰষুণ ভালপোৱা নে -শিৱানী বৰুৱা

©Admin
0
বৰষুণ ভালপোৱা নে? নিশ্চয় পোৱা চাগে !
আঁচলতে এই বৰষুণ জাক মোৰ খুবেই প্ৰিয় ।
ফাগুনে কবিতা লিখিব শিকোৱাৰ দৰে 
আজি বৰষুণ জাকে হৃদয়ৰ ছবি আঁকিব শিকালে ।

সময়ে সুঁতি সলাই বাৰিষাৰ প্ৰথম জাক বৰষুণ
ধৰালৈ নামিলে 
এনে লাগে যেন এজাক ভালপোৱা
আকাশেদি সৰে ।

এজাক বৰষুণ আৰু এটি ৰোমান্তিক গান ,
অনুভৱৰ বাকৰিত
শব্দৰ বা লাগি 
থমকি ৰয় উতনুৱা মন।

 বৰষুণ ..! 
মোৰ বাবে যেন এটি মিঠা সপোন।
মোৰ অশান্ত মনটোৱেও প্ৰশান্তি বুটলে ,
যেতিয়া এজাক বৰষুণে 
আকাশৰ নিৰৱতাৰ আভৰণ লৈ কবিতা লিখে । 

নীলিম আকাশৰ বক্ষত যেতিয়া 
শুকুলা ডাৱৰে শুভ্ৰ দলিছা পাৰে , 
হয়তু এজাক বৰষুণে 
ভালপোৱাৰ আশ্ৰয় বিছাৰে ।

এজাক বৰষুণেই হয়তু 
সোঁৱৰণীৰ বাট ভেদি 
প্ৰাপ্তিৰ মাজৰ অপাপ্তিবোৰ 
বিছাৰ কৰিব পাৰে ।।

✍️শিৱানী বৰুৱা
ফোন :- ৬০০১৫২২৯৮৫
কাকজান মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)