মধ্যবিত্তীয় পৰিয়ালৰ ডাঙৰ সন্তানৰ কাহিনী-এহিয়া আহমেদ

©Admin
0
 মধ্যবিত্তীয় পৰিয়ালটো কেনেকুৱা জানেনে , বহুত সপোন থাকে, বহুত আকাংক্ষা থাকে। সেই সপোনবোৰক স্পৰ্শ কৰিবলৈ চেষ্টা কৰে । আৰু মধ্যবিত্ত পৰিয়ালবোৰৰ ডাঙৰ সন্তান যিয়েই নহওক, আমাৰ সপোন বহুত ডাঙৰ । কিন্তু সত্যটো হ'ল সেই সপোনবোৰ অতি কমেইহে আমি পূৰণ কৰিব পাৰোঁ । বেছিভাগেই উদ্ধাৰ কৰিব নোৱাৰা হৈয়েই থাকোঁ । আপুনি কাৰোবাক ভাল পাব, তেওঁৰ বাবে পৰিয়ালৰ বিৰুদ্ধে যাবানে ? -নোৱাৰে
  কাৰণ আপোনাৰ পৰিয়ালটো আপোনাৰ মুখ খনলৈ চাই থাকিব আপোনাৰ ভাইটি, আপোনাৰ ভনীয়েক,মাক-দেউতাক সকলো । আপুনি যি সিদ্ধান্ত লব , ইয়াৰ দ্বাৰা আপোনাৰ পৰিয়ালত কেনে ধৰণৰ প্ৰভাৱ পৰিব, সেই বিষয়ে চিন্তা কৰিব লাগিব । এই আশংকাৰ পৰা বহু সিদ্ধান্ত আঁতৰাই ল’বলগীয়া হয়। অলপ ডাঙৰ হ'লেই লিখা পঢ়া বাত দি নিজৰ কথা চিন্তা নকৰি পৰিয়ালৰ দায়িত্ব লৱ লগা হয় ।

*এহিয়া আহমেদ*
*মেলেকাধিং, নগাঁও*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)