কেতিয়াবা নিৰ্জন দুপৰীয়া সময়ত ৰিব্ ৰিব্ বতাহৰ আমেজত বহিলে শৈশৱটোলৈ মনটো অজানিতে উৰা মাৰে। খুউব হাঁহি উঠে সেই দুষ্টালি কথাবোৰ মনলে আহিলে। তেতিয়া কেনে আছিলোঁ,,আৰু এতিয়া কেনে? .......
এই গৰমৰ দিনত গছৰ ডালতে বগাই বগাই কেতিয়াবা দুপৰীয়াটো পাৰ কৰিছিলোঁ, কোনোবাই কৈছিল দুপৰীয়া সময়ত গছত কিবা দেৱ দেৱতাই জিৰণি লয়, আৰু আমি তাত উৎপাত কৰি থাকিলে আমাৰ বিপদ হ'ব পাৰে। তথাপি সেই বোৰ কথালৈ অলপো কেৰেপ নকৰি মৰ সাহসত কত গছৰ ডালপাত ভাঙি,লুকা চুৰি খেলি শেষ কৰিলোঁ,হিচাপ নাই। কিন্তু কেতিয়াবা যে গছৰ ওপৰৰ পৰা পিছলি নপৰাও নহয়, গধূলিহে তাৰ মজাটো ওলাই। যেতিয়া দেউতাও কটা ঘাহত চেঙা তেল দিয়ে।
একেটা খেলকে যেতিয়া খেলি খেলি আমণি লাগে তেতিয়া আকৌ বাৰিষাৰ বৰষুণত পূৰ হৈ থকা পুখুৰীবোৰলৈ লৰ মাৰো।দিনটোত কমেও তিনি চাৰিবাৰ পুখুৰীত জুবা মাৰো। কামিয়া নদীৰ সোঁতত অহা বালিৰে এবেলা বালিঘৰ সাজোঁ, এবেলা চি-বৌ খেলো, এবেলা কাবাডী,এবেলা ছেং গুটি হেতালি খেলো, আৰু বহুত কিবাকিবি.....হয়তো বহুতো খেলৰ নামেই দিয়া নহ'ল। হয়তো বহুতো খেলৰ নাম আজিলৈকে শুনাই নাই। মানে মন গ'লেই এটা নিজেই খেল সাজি খেলিবলৈ কাৰো সময় নালাগিছিল। যেতিয়া খেলি খেলি অলপ ভাগৰি পৰোঁ ,পুখুৰীত জপং দিওঁ। কামিয়া নদীৰ বুকুত পানী উফন্দি আহিলেই তাত সৰু বৰ কাঠ খৰি আহে। পূৱাতে উঠি নদীলৈ লৰ মাৰো। এসোপা মান বলে নোৱাৰা খৰি গোটাই নদীৰ বুকুত নিজকে এৰি দিওঁ- যেন এই নদীয়েদি সাগৰহে পাম গৈ। কোনোবাই কোৱা শুনিছোঁ -এই নদীৰ পানীও সাগৰত পৰিছেগৈ। সাগৰ দেখা নাই, এতিয়াও..... কিন্তু এতিয়াহে বুজিছো যে আমাৰ কামিয়া নদীৰ পানী কানি বিলতেই প্ৰায় শুকাই শেষ হয়।
সৰুতে কব গলে মই খুব গোণ্ডা ল'ৰা আছিলোঁ, মুঠতে কাজিয়া কৰিবৰ কাৰণেই ফেহ পাতি পাতি যাওঁ, যিটোক বেয়া পাওঁ,তাৰ লগত মোৰ অলপ অমিল হ'লেই সেইবাৰ আৰু ৰৈ থকা মই ভকত নহয়। কাৰ মুখ ফাতি তেজ ওলাব,কাৰ কিমান চুলি চিগিব,নখৰ আচুৰ খাব ,কেতিয়াবা নিজেই কাৰ পৰা চৰ ভুকু খাব লগীয়া হ'ব পাৰে -তাৰ হিচাপ এতিয়া আৰু মোৰ মনত নাই । কিন্তু যুদ্ধবোৰ শেষ হোৱাৰ পাছতেই আকৌ লগতেই থাকিব লগা হয়। শত্ৰুও মিত্ৰ, মিত্ৰও শত্ৰু।সময় সাপেক্ষ। সচাঁ কথা ক'বলৈ হ'লে,হিৰʼ গিৰি দেখুওৱাবৰ বাবেই আমাৰ ইমান কাজিয়া,আৰু কাজিয়া কেতিয়াবা নকৰোঁ বুলি কলেও লগৰ বোৰৰ ওদগণিত, পাটনাৰচিপ্ নাপাম বুলি -এখোণ্ডা লাগি যাই। কিছুমানে তাৰ ৰং লয়, কিছুমানে তাৰ মাজতে নিজেই সোমাই দিয়ে। তাৰ মাজতে কোন কেইটাই চৰ ,ঘোচা খাব তাৰ হিচাপ ওপৰ জনেহে কব।
কিমান যে চৰাই বাহঁৰ পোৱালি বোৰ মিছাতে নষ্ট হ'ল ,পোহ পাল দিম বুলি মাকৰ বুকুৰ পোৱালিটো আনি শোকত নাখাই নবই মৰি গ'ল,তাৰ অনুভৱটো এতিয়াহে উপলব্ধি কৰিছোঁ। ৰঙা বৰলৰ চাক ভাঙিবলৈ গৈ দহ বাৰ দিনলৈ চকু মুখ ভালদৰে মেলিব নোৱাৰা বিষৰ বেজিটো লৈ আৰামছে ঘৰত শুই থকা বাদে একো কাম নাথাকে। তথাপি চাক্ টোৰ টোপ নোখোৱাকৈ নেৰোঁ। আজি কালি কিন্তু বৰলবোৰ নেদেখাই হলো, সিহঁতৰ ঘৰ হাবি ডৰাত হয়তো এতিয়া মানুহৰ ঘৰ। সিহঁতৰ মাজত আমাৰ বিৰাট এখন খেল চলি আছিল, যেতিয়ালৈকে শৈশৱটো আমাৰ হাতত আছিল, প্ৰায়েই বৰল আৰু আমাৰ মাজত লুকা চুৰি যুজঁ, ফুটন দিলে যে বিষত মৰিম বুলি জানিও দুটামান বৰলৰ টোপৰ কাৰণেই বৰল মাহীৰ সৈতে আমাৰ ইমান যুঁজ।
পঢ়া শুনা কৰিবৰ মোৰ সময় নাই, দিনটোৰ সময়বোৰ খেলি খেলিয়েই পাৰ কৰো আৰু গধুলি ভাগৰত বিচনা, কিতাপৰ পাতত বহিলেও কিবা আখৰ বোৰৰ সৈতে লুকা ভাকো খেলি থকা যেনহে লাগে।ডাঙৰৰ পৰা কাণচিলেও,ভুকু খালেও উপায় নাই। পঢ়িবলৈ চোন একোৱেই মন নাযায়, আৰু পঢ়েনো কিয় ? এশ এটা প্ৰশ্ন মনত লৈ কিতাপবোৰ দলিয়াই আকৌ পূৱা খেলিবলৈ লৰ মাৰো। হাক দিবলৈ আছেনো কোন? খাবৰ যোগাৰ কৰিবলৈয়ে যাৰ চিন্তা, তেওঁ জানো ল'ৰাৰ পঢ়া শুনাৰ কথা ভাবিৱলৈ সময় হ'ব। তথাপি যিদিনা পঢ়া কথা সোধে,একো নাজানিলে -গোটেই দিনটো ৰ'দ বৰষুণ নাচাই বাহিৰত আঠু কঢ়াই বান্ধি থয়। কত শাস্তি পাইও শিক্ষা নাই,আকৌ যাওঁ খেলিবলৈ ,বৰ পুখুৰীত সাতোঁৰিবলৈ.... মুঠতে যিবোৰ কামত হাক তাতে আমাৰ ওভত নাচ।
প্ৰাথমিক বিদ্যালয় পাৰহৈ আহিলোঁ কেতিয়াও মাতৃভাষাৰ বৰ্ণমালা খিনি শুদ্ধ কৈ নিশিকিলো। বাকী বিদেশী ভাষাটো বাদেই দিয়ক, বিশ্বাস নহ'ব চাগে আপোনাৰ -মই হাইস্কুলতহে ইংৰাজী অলপ পঢ়িব শিকিছোঁ ,তাৰ পাছত আজি অলপ বুজিছোঁ, কিন্তু লিখিব,কব পৰা মোৰ ক্ষমতা আজিও হোৱা নাই। তথাপি মোৰ দুখ নাই, শৈশৱ যে মোৰ কিমান মধূৰ নষ্টালজীয়া....... মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। কৌশোৰ আহি মোক অকলশৰীয়া কৰিলে.... নিসংগতা, নিৰৱতা মোৰ প্ৰিয়....এই নিসংগ , নিৰৱতাৰ মাজতেই এবাৰ শৈশৱলৈ উভতি গʼলো। জীৱনৰ ৰোমাঞ্চ শৈশৱতেই পূৰ্ণ আছিল, এতিয়া যেন জীৱনৰ ৰং ভ্ৰম যেনহে লাগে, আৰু কিছুমান মানুহ। প্ৰয়োজন পূৰাবৰ বাবেই বন্ধুত্ব কৰে নি?
প্ৰতিজন নিজেই আহি নিজৰ মনৰ কথাবোৰ প্ৰকাশ কৰা বন্ধুৱেই মোৰ প্ৰিয়..... আৰু প্ৰিয় জনক সদায় মোৰ ভাল লগা, বেয়া লগা কথাবোৰ কও। যান্ত্ৰিকতা পাহৰি এপলক অযান্ত্ৰিক হৈ যাব বিচাৰোঁ..... নষ্টালজীয়া শৈশৱৰ কথা পাতি পাতি নতুবা জীৱন সম্পৰ্কে থকা আমাৰ সুক্ষ্ম অনুভূতি প্ৰকাশ কৰি।
*সূৰজ বৰগোহাঁই, ধেমাজি*
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ