জ্ঞানৰ মুকুতাৰ কেন্দ্ৰস্থল কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয় -বিকাশ বেদিয়া

Sibani Baruah
0
হয়, কলেজ মানে জ্ঞানৰ মুকুতা ।কলেজ মানে প্ৰজ্ঞাৰ সাধনা ।তেনে এক সু-পৰিচিত নাম
অসমৰ ওদালগুৰি জিলাৰ পাচনৈ নদীৰ পাৰত অৱস্থিত জ্ঞান- সাধনাৰ অগ্ৰনী শিক্ষানুষ্ঠান কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয় ১৯৯০ চনত মহান মণিষীসকলৰ অশেষ কষ্ট আৰু ত্যাগৰ বলত প্ৰতিষ্ঠা লাভ কৰিছিল। মহান মণিষীসকলক এই ক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছো।
পাচনৈ নদীৰ পাৰৰ উষ্ম বতাহ আৰু সেউজ পৰিৱেশৰ চৌপাশে মন মোহিত কৰা মহাবিদ্যালয়খনত প্ৰতিষ্ঠা কালৰে অসংখ্য শিক্ষাৰ্থী সমবেত হৈ শিক্ষা গ্ৰহণ কৰি আহিছে। 
অতি কম দিনতেই বৰ আপোন হৈ পৰা জ্ঞানৰ বিশাল মন্দিৰখনত দিয়াবলৈ ভাল লাগে।যা হওঁক য'ত আত্ম অভিমানক সত্বাৰ সৈতে সমৰ্পিত কৰিব সেয়াই কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়।
এই মহাবিদ্যালয়খনত প্ৰশান্তি লাভ কৰিবলৈ সকলো আছে। হৃদয়ত সাজ বহুৱাব পৰা শিক্ষা গুৰু সকলৰ কোমলতা আছে, শিক্ষাগুৰু আৰু শিক্ষাৰ্থীৰ নিবিড় সম্পৰ্ক স্থাপন সুন্দৰ দিশ আছে ,শিক্ষাগুৰু সকলৰ বস্তুনিষ্ঠ বিশ্লেষণ ধাৰণাৰে শিক্ষা দিয়া ‌গুণ আছে, ছিনিয়ৰচ্ সকলৰ সহায় কৰাৰ মাদকতা আছে, প্ৰাকৃতিক পৰিৱেশ আছে, বন্ধুত্ব গঢ়িব আকুলতা আছে আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ জীৱন নামৰ আকাশখনৰ লক্ষ্য চুই চাপ পৰা প্ৰেৰণাৰ সুন্দৰ জখলা আছে।কলেজীয়া জীৱনৰ প্ৰতিটো ক্ষণবোৰ  অতি মনোৰম বুলি সৌ বাল্যকাল সময়ছোৱাত শুনিবলৈ পোৱা গৈছিল আৰু ইয়াৰ বাস্তৱিকতা  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ আচলৰ পৰা বুটলিব সক্ষম হৈছোঁ। অলেখ সপোন বান্ধি এই অনুষ্ঠানত ভৰি দি‌য়া শিক্ষাৰ্থীৰ বেদনা বুজি পাই যাৰ বাবে ভাল বন্ধু উপহাৰ দিয়ে। KBRD মানে যে জ্ঞানৰ মুকুতা, KBRD মানে যে প্ৰজ্ঞাৰ সাধনা, KBRD মানে সৃষ্টিৰ অনুশীলন , KBRD মানে যে পাহৰিব নোৱাৰা বহু স্মৃতি, KBRD মানে অলেখ জ্ঞানৰ ভড়াল স্বৰূপ।শিক্ষাগুৰুৰ পৰা আৰম্ভ কৰি ছিনিয়ৰচ্ সকল বা ব্যক্তিয়েই হওঁক সকলোৱেই যেন এডাল আপোনতত্বৰে বান্ধ খাই আছে।যিয়ে শিক্ষাৰ্থীসকলৰ সকলো সমস্যাৰ পৰা মুক্ত কৰি নতুন দিশে আগুৱাই যোৱাত সহযোগীতা কৰে। অজস্ৰ ন সপোনৰ গুণাগুণে যে মহাবিদ্যালয়খনক আৱৰি ৰাখে। এই  মহাবিদ্যালয়ৰ প্ৰতিটো ক্ষণেই হ'ব চিৰ স্মৰণীয় হৈ ৰ'ব আৰু জীৱনৰ একো একোটা পাঠ হৈ ৰ'ব।
এদিন হয়তো আমি কেবিয়াৰৰ জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান হৈ সমাজত নিজকে চিনাকী দিবলৈ সক্ষম হ'ম কেবিয়াৰডিয়ান বুলি।এয়া কেৱল কল্পনাই নহয়,বৰং কেবিয়াৰৰ বুকুৰ এয়া স্বাভিমান যাক অটুট ৰখাটো একো-একোজন কেবিয়াৰডিয়ান হিচাপে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। সদৌ শেষত শ্ৰদ্ধাৰে সেৱা নিবেদিছোঁ  সেই সকল মহান মণিষী যি সকলৰ অশেষ কষ্ট আৰু ত্যাগৰ বলত এই মহাবিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছিল ।

✍️বিকাশ বেদিয়া,
ঢেকিয়াজুলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)