মহা মানৱ মহাত্মাগান্ধীয়ে কৈছিল-" তুমি কাৰোবাৰ বেয়াগুণ আৰু নিন্দা বখানিবলৈ যাওঁতে নিজৰ সন্মুখত এখন আইনা ৰাখি ল'বা"। সত্য শুদ্ধ বচন। আনক সমালোচনা আৰু নিন্দা কৰাৰ আগতে নিজৰ আত্মশুদ্ধিৰ প্ৰয়োজনতা আছে।
হয়, ব্যক্তিয়ে নিজৰ আত্ম-সমালোচনা কৰাটো কঠিন কৰ্ম। যাৰ বাবে সৎ সাহস, উচ্চ মন আৰু নৈতিকতা গুণৰ লগতে সুকুমাৰ আৰু সুক্ষ্ম বিচাৰৰ অধিকাৰী হ'ব লাগিব। সকলো ব্যক্তি সুন্দৰ শুদ্ধ চিন্তা গৰাকী সন্ত নহয় আৰু কোনেও কবীৰ দাসৰ দৰে নিন্দকক সহ্যৰে কাষত বহুৱাই ৰাখিব নোৱাৰে নিজৰ ভুল-ক্ৰুতি সংশোধনৰ বাবে।
আমি কোনেও নিজৰ ভুল ক্ৰুতি সহজে স্বীকাৰ নকৰো আৰু নিজৰ দোষ মানিও নলওঁ। বৰঞ্চ প্ৰায় সকলেই নিজৰ ভুল-ক্ৰুতি আনৰ ওপৰতে জাপি দিবলৈ অপচেষ্টা কৰোঁ। যেনে- নিজৰ দোষ সাৰিবলৈ - প্ৰতিকূল পৰিস্থিতি,বিপক্ষ, বন্ধু, পৰিয়ালৰ অন্য সদস্য, তলতীয়া কৰ্মচাৰী ইত্যাদিক দোষাৰোপ কৰোঁ। ইয়াতকৈও পৰিতাপৰ বিষয়- আমি নিজৰ সৰু সৰু কথা আৰু কৰ্মৰ দুৰ্বলতা খিনিকো সাহসেৰে স্বীকাৰ নকৰোঁ, সদায় দ্বিতীয় এজন ব্যক্তিলৈ , অন্য কাৰকলৈ ঠেলি দায় সাৰি, নিজক নিকা কৰিবলৈ চেষ্টা কৰো।
মহান দাৰ্শনিক চক্ৰেটিছেও কৈছিল-"আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজকে সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা"। হয়, আনক সমালোচনা কৰাটো সহজ কিন্তু মানুহে নিজৰ সমালোচনা কৰিবলৈ কুণ্ঠিত হয় সদায়।
আনৰ সমালোচনাই নিজৰ উপকাৰ সাধন নকৰে, যেতিয়ালৈকে নিজৰ সমালোচনা কৰা নাযায়। আত্ম-সমালোচনাই ব্যক্তিৰ ব্যবহাৰ, আচৰণ আৰু কৰ্মৰ শুদ্ধি আনে,সংশোধন কৰে। নিজৰ ব্যক্তিত্ব সুন্দৰ, নিজকে সংস্কাৰবান আৰু সংস্কৃতিবান কৰি তোলাৰ অন্যতম প্রধান চৰ্তই হৈছে আত্ম-সমালোচনা। আনক সমালোচনা কৰাটো সহজ কিন্তু মানুহে নিজৰ সমালোচনা কৰিবলৈ কুণ্ঠিত হয় সদায়।
প্ৰত্যেক মানুহেই অজ্ঞাতেই সংঘৰ্ষ পূৰ্ণ জীৱনৰ ব্যস্তময় বাটত, নৈমিত্তিক চিন্তা-ভাৱনা তথা পদক্ষেপ-সিদ্ধান্ত, ক্ৰিয়া- প্ৰতিক্ৰিয়াৰ মাজত নানা ভুল-ক্ৰুতি হৈ যায়, আসোঁৱাহ ৰৈ যায়। এই সমস্ত ভুল-ক্ৰুতি আমাৰ মানৱীয় আচৰণৰ, মনৰ বিচাৰ-চিন্তাৰ সংকীর্ণ পৰিসৰৰ আৰু দৃষ্টিভংগীৰ লঘুতাৰ বুলিব পাৰি। যেন- ক্ৰোধ হোৱা,আত্ম-অহংকাৰ,আত্ম-স্বাৰ্থ,মিথ্যাচাৰীতা, হিংসা-বিদ্বেষ,লোভ-মোহ,পৰশ্ৰীকাতৰতা,
পৰনিন্দা,অবিচাৰ-অন্যায়, আঘাত দিয়া, আনক সৰু ভবা বা সৰু দেখুৱা, নিজক অধিক উচ্চ সজোৱা, অভিযোগ প্ৰবণ হোৱা, অপপ্রচাৰ কৰা আৰু অপবাদ দিয়া,এলাহক প্ৰচয় দিয়া, সময়ক অবাবত নষ্ট কৰা, সংযম হেৰুৱা......ইত্যাদি...ইত্যাদি।
এই সমস্ত ভুল-ক্ৰুতি সমূহৰ পৰা স্বয়ং নিজকে যোগাত্মক আত্ম-সমালোচনাৰে মুক্ত হৈ পৰ্যায়ক্ৰমে নিজৰ ব্যক্তিত্ব তথা মনৰ উৎকৰ্ষ আৰু সুন্দৰতাৰ গঢ়ি তুলি উচ্চ ব্যক্তিত্বশীল,সংস্কাৰ আৰু সংস্কৃতিবান মানুহ হোৱাৰ দিশত অগ্ৰসৰ হোৱাতো প্ৰত্যেকজন সামাজিক তথা ভাল বুদ্ধিমান মানুহৰ বাঞ্ছনীয় কৰ্ম হোৱা অপৰিহাৰ্য কৰ্তব্য।
পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে ভাল সাধনা আৰু ভাল কৰ্ম কৰা দৰকাৰ। সেইয়া দৈহিকেই হওঁক অথবা মানসিকেই হওঁক। তাৰ বাবে অশোভনীয় আৰু অবাঞ্চিতখিনি পৰিত্যাগ কৰি, নিজক সংশোধন আৰু পৰিবৰ্তন কৰাই ভাল ব্যক্তি ৰূপে পৰিগণিত কৰিবলৈ সক্ষম হ'ৱ লাগে। এই সংশোধন আৰু পৰিবৰ্তন নিজেই কৰিব পাৰিব লাগিব। পৃথিৱীৰ কোনো শক্তিয়ে এই সংশোধন আৰু পৰিৱৰ্তন আনি দিব নোৱাৰে। নিজেই নিজৰ মাৰ্গদৰ্শক, পথপ্রদর্শক তথা শুভাকাঙ্ক্ষী হৈ নিজেই নিজৰ মাজতে এই সংশোধন আৰু পৰিবৰ্তন কৰা অনিবার্যভাবে দৰকাৰী। আৰু ইয়াৰ সহজ উপায় হৈছে-সম্পূৰ্ণ দিনৰ কৰ্মৰ শেষত ৰাতি একান্ত ভাৱে কিছু সময় সমগ্র ক্ৰিয়া- কৰ্মৰ এবাৰ পৰ্যালোচনা কৰা, দৃষ্টিপাত কৰি তাৰ শুদ্ধ-অশুদ্ধ, যুগুত-অযুগুত ইত্যাদি গভীৰ ভাৱে উপলব্ধি কৰা। নৈতিকতা বর্জিত আৰু অবাঞ্ছিত ক্ৰিয়া- কৰ্ম যদিহে কৰা হৈছে তাক পৰিহাৰ কৰিবলৈ দৃঢ়প্রতিজ্ঞ হ'ব লাগে।
অদৃশ্য জনলৈ ভয় কৰিব লাগে আৰু অনুতপ্ত হৈ অন্তৰৰে ক্ষমা প্ৰাৰ্থনা মাগি তেনে ক্ৰিয়া-কৰ্মৰ পৰা বিৰত থাকিবলৈ শপত ল'ব লাগে।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ