কেতিয়াবা জীৱনে আশাৰ সঞ্চাৰ কৰে
আৰু কেতিয়াবা এই জীৱনে নিৰাশাৰ,
বালিত অকলে ককবকাবলৈ এৰি দিয়ে ।
সময়ৰ পাখি লগা
কাড় পাতে জীৱনৰ ওচৰতো হাৰ মানে;
ৰং তুলিকাৰে সোনোৱালী সপোনৰ পম খেদা
ৰঙৰ ফাকোঁ সনা ক্ষণবোৰো
নিষ্ঠুৰ জীৱনৰ ওচৰত ধূলিচাৎ হৈ পৰে।
দুদিনীয়া জীৱনে বহু তিতা মিঠা
অভিজ্ঞতা দিয়ে,
নাহৰৰ সৌন্দৰ্যৰ দৰে
জীৱনৰ সৌন্দৰ্যও ক্ষণস্থায়ী
কিয়নো নাহৰ ফুলাৰ বতৰত নাহৰ সকলোৰে প্রিয়
কিন্তু লঠঙা নাহৰৰ পাতবোৰ সকলোৰে
প্রিয় নহয়।
জীৱনৰ সুন্দৰতাবোৰো চিৰযুগমীয়া নহয়
সুখবোৰ কাৰ জীৱনলৈ বিষাদ হৈ নামি আহে
কোনেও ক'ব নোৱাৰে,
সেয়েহে জীৱন সঁচাই বৰ আচৰিত।
✍️ৰাশীমা চাংমাই
ডিব্রুগড়
শিক্ষা:স্নাতকোত্তৰ তৃতীয় ষান্মাসিক অসমীয়া বিভাগ,ডিব্রুগড় বিশ্ববিদ্যালয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ