হেঁপাহৰ ব'হাগ-নৱজিৎ নাথ

Sibani Baruah
0
ব'হাগ মানেই,
অসমীয়া জাতিৰ এক আবেগ।
ব'হাগ মাথোঁ এটি ঋতু  নহয়
 নহয় ব'হাগ এটি মাহ ;
অসমীয়া জাতিৰ ই আয়ুস ৰেখা।
  গণ জীৱনৰ ই এক সাহ।

ব'হাগ মানেই,
সমগ্ৰ প্ৰকৃতি জগতৰ
এটি বিনন্দীয়া মোহনীয় ৰূপৰ 
চালে চকুৰোৱা  বিশাল বৰণৰ
এখন সেউজীয়া 
ৰঙীন পৃথিৱী।

ব'হাগ মানেই,
প্ৰকৃতি জগতৰ মাজত 
নানাবৰণীয়া বৰ্নিল ফুলৰ 
নাহৰ,কপৌ, তগৰ সুগন্ধৰ,
কৃষ্ণচূড়া,ৰাধাচুড়া,হেজাৰ ফুলৰ  
এখন বিশাল দৃষ্টিনন্দন দলিচা।

ব'হাগ মানেই,
দূৰৰ পথাৰত আহঁতৰ তলত।
ৰিনিকি ৰিনিকি বাঁহীৰ অমিয়া সুৰৰ
ডেকা গাভৰু নাছোনত তালৰ 
ঢোলৰ গুম গুমনীত আঁৰৰ,
পেঁপা টিঁহিতি টিঁহিতি শব্দৰ
লাহৰী গগনাৰ মিঠা সুৰৰ এক  ধ্বনি।।

ব'হাগ মানেই,
নাহৰৰ কোমলীয়া সেউজীয়া 
পাতত লিখা মন্ত্ৰৰ এক বিননী আৰু 
নাচনীৰ হাতত সেউজীয়া সেউজীয়া
জেতুকা পাতৰ ৰঙা ৰঙৰ বোলনি।

ব'হাগ মানেই,
গৰুক লাও আৰু বেঙেনাৰে খোৱাই,
দীঘলতী আৰু মাখিয়তী পাতেৰে
অসমীয়া পৰম্পৰাগত ৰক্ষা কৰি 
তৰা পঘাৰে গৰুক আদৰি
সমনীয়াহঁতৰ মন পৰখা হুচৰীৰে 
 বিহু গীত জোৰোৱা এটি ক্ষন ।

ব'হাগ মানেই,
আইৰ তাত শালৰ ওচৰত 
ফুলাম বিহুৱানৰ অপেক্ষাত 
খিতিক খিতিক শব্দৰ এক বিননী।।
গাওঁৰ ন- জীয়ৰী আৰু বোৱাৰীৰ 
জুইশলাৰ আখৰত পিঠাৰ এখনি মেলা।

প্ৰতিটো দিনৰ প্ৰতিটো পোহৰে
ব'হাগে সদায়  আহঁক....
এজাক তেজাল  ডেকা  হৈ
এজাক তেজাল  গাভৰু হৈ..!
অনিশ্চিযতাৰ মাজত নিশ্চয়তাৰে। 
এজাক মধুৰ সম্ভাৱনাৰ বতৰাৰে
শান্তি আৰু সমৃদ্ধিৰ এনাজৰীৰে
সদায় বোৱাই আনক প্ৰাপ্তিৰ এক বতৰ।

✍️নৱজিৎ নাথ।
ছিপাঝাৰ,(দৰং)...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)