খহি পৰে, চপৰা-চপৰে কলীয়া ডাৱৰ।
অশান্ত মনটো অস্থিৰ হ'লেই,
খহি পৰে ,আগচোতালৰ এমুঠি জোনাক।
অশান্ত মনটো অস্থিৰ হ'লেই,
ধূসৰিত হৃদয়ৰ দিগবলয়ৰ পৰা
নামি আহে ,
এজাক দবাপিতা চেঁচা বৰষুণ।
অশান্ত মনটো অস্থিৰ হ'লেই ,
বৰফশীতল বেদনাবোৰ গলিবলৈ
আৰম্ভ কৰে, দুচকুৰ অশ্ৰুঃ কণাহৈ।
অশান্ত মনটো অস্থিৰ হ'লেই,
এজাক হিমচেঁচা বৰষুণত
সেমেকি যায় আশাৰ সপোনবোৰ।
অশান্ত মনটো অস্থিৰ হ'লেই,
বিষন্নতাৰ বানত ঢৌ তোলে
এজাক চেঁচা বৰষুণে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ