শিৱসাগৰ নগৰৰ কিছু নিলগত
মোৰ মৰমৰ, হেঁপাহৰ শলগুৰি গাঁও।
যʼত মই প্ৰেমৰ গান গাওঁ...
মাটিবোৰক মৰমেৰে চুমা খাওঁ...
গাওঁখনিত মোৰ সুজলা মাটি ----
ভালপোৱাৰ চিকুন - গধূলি।
ঘৰৰ পৰা প্ৰবাসত থাকিলে
কুটুমৰ ঘৰত থাকিবলৈ গʼলে ,
গাঁৱলৈ মনত পৰিলে...
স্মৃতিৰ মণিকোঠাত ভুমুকি মাৰি চাওঁ...
হেঁপাহৰ গাঁওখন, যিয়ে মোক ৰিঙিয়াই
মাতে হাতবাউলি -- " তই আহ ঘূৰি।"
উভতি অহাৰ পৰত পুনৰ
গাঁওখনৰ মাটিত ভৰি দিলে
মন মোৰ প্ৰশান্তিত ভৰি পৰে।
যেন উশাহটোহে পুনৰ আহিছে উভতি
বুকুৰ নিঁভাজ কোণত হেঁচুকি ধৰা দুখবোৰ
নিমিষতে অজান দেশলৈ যাই উৰি ।
কিমান যে সহজ- সৰল
মোৰ আপোন গাঁওখনৰ মানুহ খিনি
মুখমণ্ডলত এটি প্ৰেমৰ হাঁহি...
নাই কোনো কোলাহলৰ ধ্বনি
আছে মাথোঁ মানৱতাৰ চানেকি।
দিবাকৰ লহিওৱাৰ পৰত শুনো
ওচৰৰ নামঘৰত ডবা - শংখৰ ধ্বনি
এক হৰিনামৰ ধ্বনি... ।
চৰাই - চিৰিকটিৰ সুললিত কণ্ঠস্বৰে
নিৰিবিলি দুপৰটো কৰি তোলে মনোমোহা
মোক দিয়ে কাব্যিকতাৰ চেতনা।
সেয়ে মই গাঁৱৰ আজন্ম প্ৰেমিক
লক্ষ্য পূৰ্ণ কৰিবলৈ যদিও পঢ়িব লাগিব মই
গাঁৱৰ পৰা নিলগত থাকি
তথাপি আধুনিকতাৰ পৰশে কেতিয়াও নকৰে
মোৰ গ্ৰাম্য প্ৰেমৰ ইতি ,
মই গাঁৱৰ আজন্ম প্ৰেমিক।।
✍️পৰিস্মিতা দত্ত , শিৱসাগৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ