২০ জুলাই হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৪টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/আজিৰ দিনটোতে ১২৯৬ চনত আল্লাউদ্দিন খিলজীয়ে জালালউদ্দিন খিলজীক হত্য়া কৰি নিজকে দিল্লীৰ চুলতান বুলি ঘোষণা কৰে।
২/ আজিৰ দিনটোতে ১৯০৩ চনত বৃটিছে ভাৰতত ৰয়েল আৰ্মিৰ আকাৰ বৃদ্ধি কৰে।
৩/আজিৰ দিনটোতে ১৮৯৮ চনত পণ্ডিত প্ৰৱৰ সংস্কৃত পণ্ডিত, ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৮৬৬ চনত জাৰ্মান গণিতজ্ঞ বাৰ্নহাৰ্ড ৰিমানৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ