মৃত্যু যেতিয়া আহে -আয়নাল হক

©Admin
0
মৃত্যু---!
এছাটি চেঁচা বতাহ
কলিজা কঁপাই যোৱা
বুকুখন ভাঙি-ছিঙি
কঙাল কৰা--!
জানো--
ই চিৰ সত্য,
তথাপি মানিবতো নোৱাৰি
ইয়াৰ আকস্মিকতা ।
ছিঙি যোৱা বান্ধোনত
হৃদয়ৰ অসহ্য যন্ত্ৰণা !
মৃত্যু যেন
জীৱনৰ কঠিন পৰীক্ষা।
ধৈৰ্য আৰু সাহসৰ
উষ্ম প্ৰত্যাহ্বানত
বাস্তৱৰ কঠিন যাত্ৰা।
অন্তৰ্ভেদী বৈ অহা
দুখৰ হুমুনিয়াহত
মনে হেৰুৱায় ভাৰসাম্যতা ।
অসহনীয় হৈ পৰে
মৃত্যুৰ ভয়াবহতা,
সত্যক মানি লোৱাৰ
প্ৰচণ্ড যুদ্ধত
আৱেগৰ বহিঃপ্ৰকাশ
চকুলোৰ নিজৰা...।

 
                          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)