হৃদয়বান বিস্কুট বেপাৰী শংকৰৰ কথাৰে
বহু বছৰৰ আগতে কুৰুৱাত বিস্কুট ফেক্টৰী আছিল ৷ ওপৰ কুৰুৱাৰ শংকৰ মন্দিৰৰ কাষৰ উদ্ধৱ কাকা আৰু কালিৰাম খুৰা দুই ঘৰৰ মাজৰ জাগা খিনিতেই আছিল বিস্কুট ফেক্টৰীটো ৷ ফেক্টৰীটো কোনে খুলিছিল সঠিক ভাবে মোৰ মনত নাই ৷ কিন্ত ফেক্টৰীত বনোৱা বিস্কুট দোকানে দোকানে বিক্রী কৰি ফুৰা শংকৰ নামৰ মানুহজনৰ কথা হলে মনত আছে ৷ শংকৰৰ প্ৰকৃত বংশ পৰিচয় মই নাজানিছিলো কিন্ত একোচা মোচৰ সৈতে কিচকিচিয়া ক'লা শংকৰক সকলোৱেই চিনি পাইছিল ৷ মোৰ খুৰাৰ এখন চাইকেল মেৰামতি কৰা দোকান আছিল ৷ মোৰ পাঁচজনী বাইদেউ আৰু মোৰ একমাত্ৰ দাদা খুৰাৰ বৰ মৰমৰ আছিলো ৷ খুৰাৰ নিজৰ তিনিজন ল'ৰা ৷ তাহাঁত আমাতকৈ যঠেষ্ট সৰু ৷ কোনোবাই ল'ৰা ছোৱালী কেইটা বুলি সুধিলে খুৰাই সদায়েই মোৰ ল'ৰা পাচটা আৰু ছোৱালী পাঁচজনী বুলি কৈছিল ৷ সৰুতে পুৱাৰ পৰা গধুলিলৈ উৱা ( খুৰা )ৰ সান্নিধ্যতে জীৱন অতিবাহিত কৰিছিলো ৷ স্কুলৰ পৰা আহি উৱাৰ দোকানত বহি কটোৱাৰ সময়বোৰ মনত পৰিলেই শংকৰৰ কথাও মনত পৰে ৷ খুৰাৰ আগত শংকৰে প্ৰায়েই তাৰ সংসাৰ খনৰ যোৰা তাপলি মৰা কথা বিস্কুট বেপাৰীৰ কৰি পোৱা লাভ লোকচানৰ কথা ইত্যাদিবোৰ লেনিয়াই লেনিয়াই কৈছিল ৷ কথাবোৰৰ পৰা লাগিছিল শংকৰৰ যেন মুৰৰ ওপৰত সংসাৰৰ এটা ডাঙৰ বোজা আছিল ৷ যা নহওঁক শংকৰে সদায়েই খুৰাৰ দোকানত আহিলেই মোৰ হাতত এখন কুকিচ বিস্কুট গুজি দিছিল ৷ সেইবাবে শংকৰ আৰু তাৰ চাইকেলৰ পিছত বান্ধি কঢ়িয়াই লৈ ফুৰা বিস্কুট ভৰ্তি প্লাইউডৰ বাকছটো মোৰ মনৰ মণিকোঠাত আজিও সজীব হৈয়েই আছে ৷
এদিন শংকৰ বহুত বিষাদগ্ৰস্ত হৈ উৱাৰ দোকান ওলালহি ৷ গাল মুখ উখহি আছে ৷ মুৰৰ চুলিবোৰ আউলি বাউলি হৈ আছিল ৷ খুৰাৰ লগত পতা কথা বতৰাৰ পৰা গম পালো পাবলগীয়া ধন আদায় কৰিবলৈও যাওঁতেই কোনোবা দোকানীয়ে শংকৰক অপদস্থ কৰি পঠিয়াইছে ৷ শংকৰৰ মুখত সকলোখিনি কথা শুনাৰ পাছত খুৰাৰ খুব খং উঠিছিল ৷ কিন্ত মোৰ বৰ দুখ লাগিছিল ৷ শংকৰে সেই দিনাখনো কিন্ত মোৰ হাতত বিস্কুট এখন গুজি দিবলৈ পাহৰি যোৱা নাছিল ৷ সেই ঘটনাটোৰ পাছত কিছুদিনলৈ শংকৰ বিস্কুট বেচিবলৈ অহা নাছিল ৷ কিছু দিনৰ বিৰতিৰ পাছত শংকৰে পুনৰ চাইকেলৰ কেৰিয়াৰত বিস্কুট ভৰ্তি প্লাইউডৰ বাকছটোৰ বজাই দৈনন্দিন জীৱনৰ পৰিক্ৰমাত ব্যস্ত হৈ পৰিল ৷ কেইমাহমান পাছত এদিন শংকৰৰ বিস্কুট বজাই কৰা চাইকেলখনৰ আগত ওলোমাই অনা মোনাখনত গৰম গৰম বন কেইটামান দেখি খাবলৈ মোৰ বৰ মন যোৱাত উৱাক কিনি দিবলৈ খাতিৰ ধৰিলো ৷ উৱাই শংকৰক বন দুটা দিবলৈ কোৱাত বন কেইটা এজন বিশেষ মানুহলৈ নিব লগীয়া হোৱাৰ বাবে সেই দিনাখন সি বন কেইটা দিব নোৱাৰিব বুলি জনালে ৷
খুৰাই বন কেইটা কোন বিশেষ মানুহলৈকে নিব লগীয়াত পৰিল বুলি সোধাত শংকৰে লেনিয়াই লেনিয়াই উত্তৰত কোনোবা এজন দুৰাৰোগ্যত ভুগি থকা কেন্সাৰ ৰোগীৰ বাবেহে বন কেইটা লৈ গৈছে বুলি জনালে ৷ শংকৰৰ উত্তৰত হতবাক হৈ খুৰাই কলে সেই দোকানীজনেই তোক ছমাহ মান আগত মাৰধৰ কৰা নাছিল জানো ? খুৰাৰ প্ৰশ্নত বিমৰ্ষ মনেৰে শংকৰে কবলৈ ধৰিলে ককাইদেউ এই চব ওপৰৱালাৰ লীলা ৷ মই সদায়েই ৭মাইল চাইকেল চলাই বন দি আহোগৈ ৷ মানুহজনে গোটা একো খাব নোৱাৰে নহয় ৷ গাখীৰত বন তিয়াই খাইহে বাচি আছে ৷ বনৰ বিক্ৰী নাই কাৰণে ফেক্টৰীত বনাবলৈও দিগদাৰ ৷ সেইকাৰণে ওষ্টাডক কৈ মেলি সদায়েই কেইটামান বন বনাই দি থৈ আহো ৷ ৰুগীয়া মানুহ ভাবিলেই বেয়া লাগে ককাইদেউ ৷ সৰল মনৰ শংকৰৰ বিশাল হৃদয়ৰ কথাখিনিয়ে যেন মোৰ শৈশৱ মনত এচাতি পচোৱাই বোৱাই থৈ গ'ল ৷ মানুহ যে সময়ৰ দাস পাছলৈ বাৰুকৈয়েই উপলব্ধি কৰিব ধৰিলো ৷ শংকৰৰ লগত ঘটা ঘটনাৱলীৰ সতে জালত পৰা সিংহ আৰু নিগনিৰ সাধুটোৰ সাদৃশ্য বুজি পাইছিলো ৷
আজি সেই সৰল মনৰ শংকৰৰ কোনো শুংসূত্ৰই নাপাওঁ ৷ জীৱিত আছেনে তাকো নাজানো কিন্ত সেই শংকৰে পৰিচিত কৰাই দিয়া ঊদাৰতাৰ পাঠ মোৰ মনত চিৰ সঞ্জীৱিত হৈ ৰ'ল ৷ ভগৱানে শাক্যমুনিয়ে শংকৰৰ মংগল কৰক তাকেই প্ৰাৰ্থনা জনালো ৷
মোৰ গাঁওৰ মোৰ মানুহ বোৰৰ মাজৰ শংকৰ ক'ৰবাত হেৰাই গ'ল ৷ কিন্ত শংকৰে দি যোৱা মানৱীয়তাৰ শিক্ষা মোৰ হৃদয়ৰ মাজত আৱদ্ধ হৈ ৰৈ গ'ল ৷ আমাৰ নৱ প্ৰজন্মই মোৰ গাঁৱৰ হেৰাই যোৱা মোৰ মানুহ বোৰৰ পৰা কিছু কথা অন্তত অনুধাৱন কৰি আগুৱাই যোৱাৰ অনু প্ৰেৰণা পাব বুলি আশাৰে আজিলৈ সামৰিলোঁ ৷
✍️চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা,
নয়ডা, উত্তৰ প্ৰদেশ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ