তোমাৰ লিহিৰি হাতৰ শান কাঁচিৰ ৰেপত
সোনগুটি লাহতী থোক নাচে।
তুমি আঘোণীয়া পথাৰৰ ঘৰ্মাক্ত দেহৰ
হৈমন্তিক অপ্সৰাজনী,
মোৰ ছথৰীয়া ডাঙৰিৰ ভৰত নাচে
তোমাৰ পিক সনা ৰক্তিম ওঁঠৰ
মিচিকিয়া হাঁহি।
সেই হাঁহিটিত মোৰ বুকুখন শুৰ পোকে খায়,
ঢলি পৰে ধাননিত
সাঁচিপতীয়া মৰমৰ দোলনি।
✍️দৰ্শনা দাস
মাজুলী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ