শাওণৰ ৰূপহী ৰোঁৱনী মই -ৰেখা ৰাণী বৰ্মন

©Admin
0
আহ যদি আহিবা 
চৰ্ত বিহীন প্ৰেম লৈ 
শাওণৰ পথাৰতে লগ পাবা মোক 

যিদৰে আকাশে বোৱাই 
অমোঘ অদীন প্ৰেম পৃথিৱীলে'
পৃথিৱীয়ে নদীলে'

সেই প্ৰেম লৈ আহিবা  
নিস্বাৰ্থৰ  , চৰ্ত বিহীন
ভাল লগা বোৰেৰে
উমলি থাকিব পৰাকৈ

তুমি আকৌ নাভাৱিবা
"শাওণৰ ৰূপহী ৰোঁৱনী"  মই 
বিচাৰিলে দেহ মন  সপি দিম তোমাক 

ভুল নুবুজিবা
মই যে  বিৰহিনী ৰাধা 
কেতিয়াবা মীৰাবাইও  হও মই
তোমাৰ নন্দনতত্বৰ বীক্ষাত বিলীন হ'বলৈ !!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)