কবিতানো কি-অনন্ত কুমাৰ ভূঞা

©Admin
0
কবিতা লিখাৰ স্বতন্ত্ৰ উৎস হৈছে প্ৰেৰণা ,কবিতা অনুভৱৰ মাজত সৃষ্টি হোৱা মনৰ সুবাস,অনুভূতি প্ৰকাশ হোৱা এখনি সাৰুৱা পথাৰ। কবিতা মানুহৰ হৃদয় চুই যোৱা স্বপ্ন বিলাস। সাধনাৰ এক কলা, অনুভৱী সত্বাৰ অনন্য কঠীয়াতলি।
             কবিতা এক শিল্প,বিলাস বৈভাৱ,মনৰ পুষ্টিকৰ আহাৰ,অন্তঃদণ্ড নিষ্কাশনৰ প্ৰাকৃতিক ঔষধ ,নিঃসংগ নিশাৰ সংগ,উজাগৰি নিশাৰ কল্পনা মধুৰ স্বপ্ন,প্ৰতিবাদী সত্বাৰ প্ৰজ্বলিত ধাৰা,আশাবাদী মনৰ নীলাভ আকাশ,হৃদয় জয় কৰা সুৰীয়া গীতি সাহিত্য ,কুঁ‌হিপাত যেন কুমলীয়া পাতৰ সুবাসিত মৰম।কবিতা হৈছে জোনাকৰ পোহৰ ,সুগন্ধি পৰশসনা এচাতি মলয়া বতাহ ।

"মা নিষাদ প্ৰতিষ্ঠাং ত্বম গম : শাশ্বতী সমা :
যত ক্ৰৌঞ্চ মিঠুনা দেকম অৱধি : কামমোহিতম :

            ৰামায়ন ৰচনাৰ প্ৰাক মুহূৰ্তৰ এই ধাৰাই কাব্যিক জগত খনৰ আৰম্ভণি বুলি কব পাৰি । সাহিত্যৰ এই সুকুমল ধাৰাটো বৈ আহি আজিৰ আধুনিক যুগত খোপনি পুতিছেহি ।

             সাহিত্য জগতৰ বহু মহান ব্যক্তিয়ে কবিতাৰ সুন্দৰ সুন্দৰ ব্যাখ্যা আমাৰ সমাজলৈ আগ বঢ়াই গৈছে, কবিতাৰ সংজ্ঞা নিৰূপণ কৰি গৈছে স্বতন্ত্ৰৰীয়া ভাৱে । কবিৰ ভাৱাত্মক চিন্তাৰ পৰিবেশ সংযোজনত বিভিন্ন জনে কবিতাৰ সংজ্ঞা নিৰুপন কৰি আমাক কাব্যিক জগত খনত উমলিবলৈ সাহস দি গৈছে ।

কবিতানো কি 
অনুভৱৰ এখনি বহল পথাৰ
পলসুৱা মাটিৰ সেউজীয়া শস্য
নীলাভ আকাশৰ এচপৰা ডাৱৰ।

ভাষা সাহিত্য সংস্কৃতিৰ সুমধুৰ বলিষ্ঠ ধাৰাই হ'ল কবিতা । কবিতা সৃষ্টি হয় অনুভৱত
 কবিতা সৃষ্টি হয় হৃদৰ আটকধুনিয়া কোনাত ।

কবিতানো কি ?
শেৱালি ফুলৰ সুগন্ধি সুবাস
ৰঙা গোলাপৰ 
প্ৰণয় ভৰা আলসুৱা মৰম
সুৰৰ নিশাৰ এঢোক সুৰা
শব্দ বিহীন মাতাল নিশা
মধুৰ ক্ষণ জীৱন বাটৰ ।
পুষ্টিকৰ খাদ্য হৃদয়ৰ,
ৰুগ্ন মনৰ মৃত সঞ্জিৱনী সুধা।

             কবিতা হৃদয়ৰ ছন্দময়ী অনুভৱ, শব্দ চয়নৰ উল্লাস । কবিতা আশা আকাংখ্যাৰ এক দূৰন্ত প্ৰতীক ।কবিতা চহকী অনুভৱৰ স্ফুলিংগ, নিৰাসক্ত বেদনাৰ আবেগিক স্পন্দন । 
             কবিতাৰ উৎস হৈছে প্ৰেৰণা , প্ৰেৰণাই অনুভৱক সজায় তোলে, প্ৰেমৰ অনুভুতি, আকাশ বায়ু পানী মাটি পৰিবেশ পৰিস্থিতি নদ নদী সাগৰ যুদ্ধ ধ্বংস সেউজ পৃথিৱী আদিয়েই কবিতাৰ সাৱলীল উপাদান । সভ্যতাৰ পোখা মেলা সময়ৰ পৰা কবিতাই ভাষা সাহিত্যৰ এক সৱল অঙ্গ হিচাবে উজ্জ্বিৱিত হৈ আহিছে । ই প্ৰাণৰ সম্পদ । য'ত কল্পনা আছে তাতে প্ৰেৰণাৰ উৎস আছে , অনুভৱৰ কোবাল সোঁ‌তত কাব্যিক ভাৱৰ জন্ম হোৱাতো স্বাভাৱিক আৰু এই কাব্যিক ভাৱৰ বাস্তৱ ৰূপান্তৰেই কবিতা । 

কবিতনো কি ---?
উটি অহা বেজাৰৰ ঢৌ
আবেগৰ প্ৰচণ্ড অভিমান
সপোনৰ মন্দাকিনী
অনিশ্চিত জীৱন যাত্ৰা
অনিৰূদ্ধ গতি আকাশ চোৱাৰ 
সাগৰৰ বালিত 
মুকুতা বুটলি পাৰ কৰা সময় ।

কবিতা সাহিত্যৰ জীয়া আত্মা 
লালসাত বৈ ফুৰা মৰম 
স্বভাৱত সাচি থোৱা আবেগ

             অনুভৱে প্ৰেৰণা জগায় -- প্ৰেৰণাই উৎসাহ কঢ়িয়াই -- উৎসাহে ইচ্ছাক আগুৱাই -- ইচ্ছাই সৃষ্টশীল উদ্ৰেগ জন্মাই -- সৃষ্টিশীলতাই বাস্তৱলৈ ৰূপান্তৰ ঘটায় অৰ্থবহ কাব্যিকতাৰ ৰূপ দিয়ে -- কল্পনাই ৰহন সানে , শব্দই জীপাল কৰে , ৰূপহী গাভৰু জনীৰ দৰে সজায় তোলে , এইয়াই কবিতা ,সুললিত শব্দৰ লয়লাস ,এইয়াই কাব্যিক উপভোগ । তুমি যদি বোকাত পৰা তেন্তে পদুম ফুল হৈ ফুলিবা, তুমি যদি পানীত পৰা সাতুৰি আহিবা , নিশা আকাশ খন চাওতে তিৰবিৰ তৰাৰ দৰে সপোন ৰচিবা -- এইয়াই কবিতাৰ তন্দ্ৰা অলস জগাই তোলা অৰ্থবহ ধাৰা ।
             ৰঙা গোলাপ চিঙিবলৈ যাওঁ‌তে কাইটে বিন্ধিব পাৰে , কেতেকী ফুলৰ সুগন্ধি লবলৈ যাওঁতে সৰ্পই ফেট তুলি চাব পাৰে -- তথাপিও সৌন্দৰ্য আমাৰ আকাংক্ষিত উপভোগ ।
              ঠেহ লগা মনটো নিচুকাবলৈ অন্য ঢাল তৰোৱাল বিচাৰিব নালাগে , গংগাটোপৰ দৰে ওফন্দি থকা ভেম টো ভাঙিবলৈ লঘোনে থাকিব নালাগে -- কবিতাৰ জুৰ মলয়াই গা মন শাত পেলায় নিয়ে -- কি যে অপূৰ্ব সন্মোহনী শক্তি -- কবিতাই কি যে মাদকতা উপহাৰ দিয়ে। কবি সকল সম্পদত চহকী নহলেও কবি সকল শব্দত চহকী - এটা আবেগ সৰ্বস্ব বিশাল মনৰ অধিকাৰি ।

কবিতানো কি
সাঁ‌তুৰি থকা দৰিকণা পোৱালী
বানপানীৰ চেলকণা মাছ
ভাহি ফুৰা মেটেকা ফুল
জ্বালামুখীৰ তপত লাভা
বৈ থকা স্ফটিকৰ ধাৰা
বৰ্হমথুৰি সনা দুখনি ওঁ‌ঠ 
বসন্তৰ কুমলীয়া কুঁ‌হিপাত
বিশাল আকাশ চোৱাৰ হেঁ‌পাহ
মৌন ওঠৰ অবুজ ভাষা ।

             প্ৰযুক্তিৰ গতিশীল আজিৰ দিন বিলাকত কবিতা লিখাৰ প্ৰৱণতা বিস্তাৰ হৈছে , আগ্ৰহ বাঢ়িছে, প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে ,কবি সত্বা উপলব্ধি কৰিছে ,ভিন্ন জনে প্ৰতিষ্ঠা লাভৰ সুযুগ লভিছে , জাতিৰ ভাষা সংস্কৃতিৰ অগ্ৰগতি লাভৰ বহল ক্ষেত্ৰ এখন পাইছে , সমন্বয়ৰ ভেটি টনকিয়াল হৈছে , মানৱতাবোধৰ সংজ্ঞাৰ উত্তৰণ ঘটিছে , শান্তিৰ এখনি সুস্থ সমাজ গঢ়াৰ বাট দেখুৱাইছে -- এয়াই কবিতাৰ অৱদান । নবীন সকলৰ দায়বদ্ধতাৰ পৰিচয় দিব পৰা সুযুগ আহিছে ।

কবিতানো কি 
ঠিকনা সলনি হ'ল 
সলনি হোৱা নাই মন 
সময় বাগৰি গ'ল
ভাগৰি যোৱা নাই আবেগ ।
শিলত শেলাই ধৰে 
ভয় লাগে ভৰি দিবলৈ 
মৃত আত্মা 
শ্মশানৰ পৰা ঘুৰি নাহে 
প্ৰেতাত্মাৰ অৱস্থিতি নাই ।

কবিতানো কি 
শিপা থকা এজোপা বৰগছ
অনুভৱে খামুচি ধৰে 
ফুল ফুলে মিঠা মিঠা ফল লাগে
শব্দৰ উৎসৱত মন নাচে 
জোনকে বিচাৰে প্ৰণয় ।

ঘূৰ্ণিবতাহে শব্দ কৰিলে
বিস্ময় জাগে
মেঘে গৰ্জ্জন কৰিলে
আশংকা আহে 
কাল অমানিশাৰ বিপদত
বুদ্ধি বিলুপ্ত ঘটে 
প্ৰেমাস্পদৰ অৱহেলাই
মানসিক অশান্তি আনে ।

কবিতানো কি 
শেৱালি ফুলৰ সুগন্ধি সুবাস
ৰঙা গোলাপৰ 
প্ৰণয় ভৰা আলসুৱা মৰম ।
সুৰৰ নিশা এঢোক সুৰা
শব্দ বিহীন মাতাল নিশা
মধুৰ ক্ষণ জীৱন বাটৰ ।

কবিতানো কি 
কবিতা স্বপ্নভৰা জোনাক 
বতাহত ভাহি অহা শব্দৰ অনুভব
কাণখনে শব্দ শুনে
সুগন্ধিৰ গোন্ধ জিৰাই নাকত
স্বপ্নিল মৰম বিচাৰে হিয়াই ।
ভাষাৰ ভৰসা আশা
আশা ওপজে নিঃশব্দ নিশা
হৃদয়ে সাবতি লয় মৌ বৰসা কথা
শাৰী শাৰী কৈ অনুভৱ সজায়
ঋতুৰাণী শৰৎ আহি সেই কথাকে বুজায়
বসন্তৰ পৰশত কুঁ‌হিপাতে জুমি চায়
দুষ্ট নয়নে মৰম যাঁ‌চে
আবেগ উটি যায় খৰখেদাকৈ
বিচাৰি প্ৰেমৰ মদিৰা বিচাৰি মনৰ বতৰা
এইয়াই কবিতা মনৰ -- কবিতা প্ৰেমৰ ।

কবিতানো কি 
কল্পনাৰ এখনি নীলাভ আকাশ
মৰুদ্যানত ওঁ‌পজা আবেগ
অনুভৱৰ মৃগকস্তুৰি 
নিঃশব্দতাত ভাহি ফুৰা অনুভূতি
উতপ্ত বাসনাৰ বাগ্মিতা
দুখৰ মজিয়াত গলা বৰফৰ টুকুৰা
খাজকটা জখলাত বগোৱাৰ আনন্দ
পলাসুৱা মাটিৰ সেউজীয়া বন
বিহ্বল মনৰ নিচুঁ‌কনি গীত
স্বপ্নতীৰ্থভূমিৰ একাজলি মৰম ।

কবিতানো কি
অনুভৱে সিঁ‌চি দিয়া শব্দৰ উপহাৰ
শব্দনো কি
চেনেহী ভাষাৰ ৰূপৰ সমাবেশ
অৰ্থ সজায় অৰ্থ বুজায়
হঠাৎ ভাৱাৰ্থই খেলিমেলি লগায়
ৰূপহী গাভৰু হৈ জোনাক খেঁ‌পিয়াই
জোনাকী পৰুৱা হৈ পোহৰ বিলায়
লাজুকি লাজুকি নিলাজী বনৰ দৰে
জয় পৰি যায় ।

কবিতানো কি 
অনুভৱৰ কোমল সৃষ্টিৰ উপবন
জন্ম ক্ষণৰ মধুৰ কল্পনা
দীঘলীয়া পথৰ অনাবিল যাত্ৰা
সজাল ধৰা শষ্যৰ এখনি পথাৰ । 

কবিতানো কি 
ভাল লগা মনৰ সাৰুৱা অনুভৱ
স্মৃতিভৰা মনৰ সাঁ‌চতীয়া ধন
আবেগিক মৰম বিদায় ক্ষণৰ
আৱদ্ধ মনৰ জীয়া অনুভূতি
প্ৰণয়ৰ মধুৰ উপবন
দোভাগ নিশাৰ প্ৰেয়সীৰ ক্ৰান্দন ।

কবিতানো কি 
হেঁ‌পাহৰ এখনি ঘৰ
স্মৃতিভৰা মনৰ এজাক সপোন
অবুজ কৈশোৰৰ দুপতীয়া পাত
যৌৱনৰ কল্পনা মধুৰ দিন
টনা আঁ‌জোৰা কৰা বাদ্ধৰ্ক্যৰ সময়
অন্তিম শৰ্য্যাত নিঃস্তদ্ধ শৰীৰ ।

✍️অনন্ত কুমাৰ ভূঞা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)