আহিয়েই পৰাধীনতাৰ কবলত থাকিও
কোনো দিনে বিৰোধ কৰা
নাছিল ,
বৰঞ্চ সহনশীলতা মহান গুণৰ অধিকাৰী ৰূপে
সৃষ্টিৰ পাতনি মেলিবলৈ
পৰাশ্ৰয়ী ৰূপে আগবাঢ়ি
মাতৃত্বৰ মহান ইতিহাস গঢ়ি তুলিছিল ।
এই বাবেই পূজ্য হৈও তাই আজি অৱহেলিত
এচাম ভোকাতুৰ ,কামান্ধৰ বলীহৈও
পতিব্ৰতা ধৰ্ম পালনেৰে আদৰ্শ স্বৰূপে ।
তাইক বেশ্যাৰ অপবাদ কলংক সানিবলৈ
বিচৰা জন নিজেই পতীত
মানৱ !
তাইক উলঙ্গ কৰি হেয় প্ৰতিপন্ন কৰিবলৈ যোৱাটো ,
কিমান নিৰ্লজতা অসভ্যতা অশালীনতা চানেকি !
আধুনিক শিক্ষিত সমাজৰ বাবে
শব্দৰো অযোগ্য
পশুত্বৰ পৰিচয় ,
তাইৰ ন্যায় সাব্যস্ত কৰিবলৈ হয়তো আজিও
লিখা হোৱা নাই
নাৰী সুৰক্ষিত আইন দফা ।
ধিক! শতাধিক অভিশাপ !
আজিও জ্বলে ফিৰিঙতি হিয়াত মোৰ
মৌন নহয় মই ,
শুনা অ ' নাৰী
জীয়াই থাকিবা তুমি মোৰ
কলমৰ আগতে ।
⏺️যুৱৰাজ বাচকোটা
চতিয়া, বিশ্বনাথ, অসম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ