সংগ্ৰাম••শিল্পী দাস

Sibani Baruah
0
জীৱন মানেই সংগ্ৰাম
প্ৰতি পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ শব্দ,
যি শব্দই শিকাই
জীৱন বাটৰ জীয়াই থকাৰ উৎসাহ।
শত শত সংগ্ৰামে
তেজিত ৰক্তাক্তে
পৰিশ্ৰমী কান্ত দেহই
উপহাৰ দিলে
'স্বাধীনতা'।
সংগ্ৰাম আমাৰ প্ৰাণ,
সংগ্ৰামই আমাৰ প্ৰকৃত বন্ধু
সাহসৰ প্ৰতীক স্বৰূপ।
সংগ্ৰাম মানে পৰিচয়,
নিজৰ অস্তিত্ব তুলি ধৰাৰ
এক বিশেষ অস্ত্ৰ।
সংগ্ৰাম মানে জন্মৰ উৎস,
সংগ্ৰাম মানেই জীৱন প্ৰক্ৰিয়া।
সংগ্ৰাম মানে প্ৰাণ,
সংগ্ৰাম মানে ধৰ্ম,
সংগ্ৰাম মানে কৰ্ম।

                              ✍️শিল্পী দাস
                        ভালুকমাৰী,নগাঁও
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)