কন্দুৱাই
আশাভৰা জীৱন ছন্দই
নচুৱাই
মন উটি যায় কোবাল সোঁতত
ধুমুহা বতাহত উৰি যায়
মনৰ স্থিৰতা
যুগে যুগে নাৰীৰ স্বৰ্ণিল অধ্যায়ৰ
বৰ্ণিল কাহিনী লিপিবদ্ধ কৰা আছে
নাৰী সালংকৃতা অলংঙ্কিতা
নিঃসংগ উচুপনিৰ
চিৰ প্ৰবাহিত বহ্নিমান ধাৰা ।
মায়াময় জীৱনৰ বেথা ভৰা সময়ত
জনক নন্দিনী সীতাই
স্বামী ৰামচন্দ্ৰৰ লগত
স্ব-ইচ্ছাই বনবাস খাটিছিল
আৰু এদিন
সোণৰ হৰিণাৰ লোভত পৰি
বন্দী হৈছিল
ছদ্মবেশী ৰাৱণৰ হাতত ।
লঙ্কাৰ ৰজা ৰাক্ষস ৰাৱণ
অতি বিচক্ষণ
সীতাক সযতনে ৰাখিছিল
অশোক বনত
ৰাজ ধৰ্ম্ম পালনত ক্ৰুটি কৰা নাছিল।
স্বৰ্ণ লঙ্কা ধ্বংসৰ কাহিনী
বৰ্ণিত আছে
মহাকাব্য ৰামায়নত।
কুৰুক্ষেত্ৰ যুদ্ধত
কৌৰৱ পাণ্ডৱৰ
বংশ ধ্বংসৰ আখৰা হৈছিল
মাতৃৰ এষাৰ বাক্যই
দ্ৰোপদ ৰজাৰ কণ্যা দ্ৰৌপদীয়ে
পঞ্চপতিৰ পত্নী ধৰ্ম্ম পালন কৰিছিল
দ্ৰৌপদীৰ বস্ত্ৰ হৰণৰ ক্ষণত
লজ্জা নিবাৰণৰ
ভগৱান সাৰথি আছিল ।
আহোম যুগত
লৰা ৰজাই ৰাজ্য শাসনত
অমঙ্গল মাতিছিল
কু-মন্ত্ৰণাত
অৰাজক বতাহ বলিছিল
দুৰ্বিসহ কষ্টত
জয়মতীৰ জীৱন নিৰ্ব্বাপিত হৈছিল
চাবুকৰ কোবত
ধাৰাশায়ী হৈছিল শৰীৰ
কলিজাৰ কেঁচা তেজ
আজিও পৰি আছে
সৌ জেৰেঙা পথাৰত ।
✍️অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ