৩১ জুলাই ••আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
৩১ জুলাই (ইংৰাজী: 31 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১২তম (অধিবৰ্ষত ২১৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৩টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী----
১৪৯৮ - প্ৰথম ইউৰোপীয়ান হিচাপে ক্ৰিষ্টোফাৰ কলম্বাছে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ত্ৰিনিদাদ আৱিষ্কাৰ কৰে।
১৬৫৮ - ঔৰংজেৱ মোগল সম্ৰাট হৈছিল।
১৮৬১ - ৯৩০০ মিলিমিটাৰ বৰষুণৰ বাবে চেৰাপুঞ্জীত বিশ্ব ৰেকৰ্ড হৈছিল।
১৯৩৩ - পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় মহাত্মা গান্ধীৰ ‘হৰিজন’ কাকত।
১৯৪০ - স্বাধীনতা সংগ্ৰামী উধম সিঙক মাইকেল অ'ডায়ৰক গুলিয়াই হত্য়া কৰা বাবে ফাঁচি দিয়া হৈছিল।
১৯৯২ - চেতাৰ বাদক পণ্ডিত ৰবিশংকৰে মেগচেছে বঁটা পাইছিল।
২০০৪ - তুলসী দাসলৈ ২০০৪ চনৰ নাট্যসূৰ্য বঁটা।

জন্ম----
১৮০৩ - চুইডেন আৰু আমেৰিকাৰ বিজ্ঞানী আৰু উদ্ভাৱক জন এৰিকছন।
১৮১২ - এলেন অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা।
১৮৮০ - মুন্সী প্ৰেমচান্দ, ভাৰতীয় হিন্দী আৰু উৰ্দু ভাষাৰ সাহিত্যিক।
১৯০২ - প্ৰসিদ্ধ কাৰ্টুনিষ্ট কে শংকৰ প্লিলাইৰ জন্ম হৈছিল।
১৯১২ - আমেৰিকাৰ অৰ্থনীতিবিদ মিল্টন ফ্ৰিডমেন।
১৯৪৭ - মমতাজ, ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।

মৃত্যু----
৫৪ - খ্ৰীষ্টপূৰ্ৱ - অ'ৰেলিয়া ক'ট্টা (ইংঃ Aurelia Cotta), জুলিয়াছ চিজাৰৰ মাতৃ।
১৯৪০ - ছহিদ উধম সিং, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
১৯৫২ - বেলা মিত্ৰ, আজাদ হিন্দ ফৌজৰ নাৰী বাহিনীৰ কমাণ্ডাৰ আছিল।
১৯৭০ - ফণী শৰ্মা, অসমীয়া অভিনেতা।
১৯৮০ - মহম্মদ ৰফি, ভাৰতীয় সঙ্গীত শিল্পী।
২০০৪ - অজান বৰুৱা, অসমৰ চিনেমাট'গ্ৰাফাৰ তথা পৰিচালক।

সংগ্ৰাহক :দীপ্তি কুমাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)