হে শিল্পী••দেৱযানী পূজাৰী

Rinku Rajowar
0
হে শিল্পী, তোমাক সহস্ৰ প্ৰণাম
তোমাৰ বুকুত ফুলক অলেখ সপোন।
নিৰৱধি সময়ৰ কোবাল গতিত
 ৰূদ্ধ হৈ নাযাবা অবাটে
অজস্ৰ ৰজনীগন্ধা সুবাসে
সুবাসিত তুমি।
কৰ্ম- সংস্কৃতিৰ কঠীয়া তলিত
জীৱনৰ সোণালী পথেৰে
ঐশ্বৰ্য্য ময় কৰি তোলা
 শিল্প কলাবোৰ সুন্দৰ কেনভাছত
হেঙুল হাইতালৰ এখনি আলোকচিত্ৰ
খোদিত কৰা  আকৌ এবাৰ
শিল্পী তুমি প্ৰাণৰো প্ৰাণৰ স্পন্দন
আকৌ সুধিবৰ মন যায় 
 কলাৰ খনিকৰ ৰাভাদেৱক
এতিয়া কিমান ৰাতি হ'ল
তুমি সাৰে আছা ?
ৰ'ৱৰ সময় নাই 
ক'ৱৰ সময় নাই
সময় নাই উভতি চোৱাৰ
 এয়া যে বিপ্লৱৰ।

✍️দেৱযানী পূজাৰী।
      (ডিগবৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)