দৈনিক সাধাৰণ জ্ঞান আৰু কুইজ শিতান

Rinku Rajowar
0
(১) সাহিত্যিক মহিম বৰাই কোনখন গ্ৰন্থৰ বাবে ২০০১ চনৰ সাহিত্য একাডেমি বটা লাভ কৰে?
উত্তৰ- এধানি মাহীৰ হাঁ‌হি।
(২) প্ৰথম অসমীয়া ছন্দত ৰচিত নাটকখনৰ নাম কি?
উত্তৰ- মেঘনাথ বধ।
(৩) অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰথমজন সম্পাদক কোন?
উত্তৰ- সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱা।
(৪) অসমীয়া ভাষাৰ প্ৰথম মহিলা আলোচনী খনৰ নাম কি?
উত্তৰ- উৰুলী।
(৫) অসমৰ কোনশিলালিপিত পোন প্ৰথম বাৰৰ বাবে অসমীয়া আখৰ ব্যৱহাৰ হৈছিল?
উত্তৰ- ১১২৭ শকৰ কানাই ববলীৰোৱা শিলালিপিত।
(৬) অসমৰ মাটি পোন প্ৰথমে কোনে জৰীপ কৰাইছিল?
উত্তৰ- স্বৰ্গদেউ গদাধৰ সিহংই।
(৭) সৰ্বপ্ৰথমে কেতিয়া অসমত জাহাজ চলে?
উত্তৰ- ১৮৮৩ চনত।
(৮) সাদিনীয়া বিহু প্ৰথমে কোনে পাতিছিল?
উত্তৰ- স্বৰ্গদেউ ৰুদ্ৰ সিংহই ।
(৯) মানুহৰ তেজ খোৱা মহবোৰ প্ৰকৃততে কি মহ?
উত্তৰ- মাইকী মহ।
(১০) আকাশত আটাইতকৈ বেছি সময় উৰি থাকিব পৰা চৰাই বিধৰ নাম কি?
উত্তৰ- পাৰ চৰাই।

সংগ্ৰাহক- পংকজ মজুমদাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)