মোৰ প্ৰেয়সী মৌন ওঁঠত
আঁকি দিলে সাতৰঙী ৰামধেনু
তুমি মোৰ জীৱন যৌৱন
ছন্দ বিহীন দীঘলীয়া কবিতা
আৰু অনুগল্প অনুকম্পা
গভীৰ নিশা টোপনি ভাঙে
ফেঁচাই কুৰুলীয়ালে
আম গছজোপাত বহি
তুমি কবিতাৰ ভাষা হৈ
মোৰ হৃদয়ত জীপাল হোৱা
প্ৰেমৰ কবি হোৱা বাসনাত
আকাশত কজলা মেঘ উৰিলে
তুমি বিষাদৰ কবিতা হোৱা
মৰম হেৰুৱাৰ যন্ত্ৰণাত
কি ৰঙৰ ফুল হৈ ফুলিবা তুমি
কবিৰ কুঞ্জবনত
আঘোণৰ প্রেমিক চৰাই হৈ
শীতৰ কুঁৱলিবোৰে আলিঙ্গন কৰিলে
হৃদয়ত মৰমৰ উষ্ণতা বাঢ়ে
যেন প্ৰেমৰ মাদকতাত
মৌনতাবোৰে নীৰৱে আঁকে
হৃদয়ৰ এলবামত তোমাৰ ছবি
তুমি গোন্ধহীন ওঁঠত প্ৰেমৰ
এটি অজান চৰাইয়ে ধপলিয়াই
বিশাল নীৰৱতা ভেদি
এমুঠি মৰমৰ শুভ্ৰ জোনাক চতিয়াই
এই মৌনতা জীয়া জীৱনৰ
মই আৰু তুমি হ'লো ইয়াৰে সাক্ষী
এটি অজান শিহৰণ জীৱন-মৰণ
✍️ নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ