অকণিৰ কণমানি কবিতা - নিপু কুমাৰ দাস

©Admin
0
                        
         (১)
 
ভাল কৈ যদি বিচৰা 
আখৰ লিখিবলৈ 
মন দি ছবি আঁকিবা
লিখিব পাৰিবা ধুনীয়াকৈ।

       (২)

কিতাপ পঢ়িবা
মাত ফুটাই
ভুল হ'লে যেনিবা 
দিব শুধৰাই । 

       (৩)

সাগৰৰ পানী
জানো লুণীয়া
চকুৰ পানী 
কিয় লুণীয়া । 

       (৪)

ভোকেই ভাতৰ
আঞ্জা জানিবা 
মাতেইও ভাতৰ
হ'ব পাৰে তিতা।

         (৫)

সোণ চিনিবা ঘঁহি 
কষটি শিলত
জ্ঞানীক চিনিবা তুমি 
ভাষণৰ আগত।

        (৬)

বাৰীৰ মিঠা আম
ভগাই নাখাই
বজাৰ লৈ ওলাল
বেচিব হৰি কাই । 

         (৭)

পিতৃ-মাতৃৰ কথা
নকৰিবা আওকাণ
তাতেই দেখিবা  
প্ৰভুৰ দয়া যেন---। 

          (৮)

সাতঘাটৰ চেঙেলী 
ভালকৈ যদি চিনি থ'বা
সকলো সময়তে তুমি 
যেন বিপদত নপৰা ।

           (৯)

সময় অমূল্য ধন
অবাবত নকৰিবা ব্যয় 
এবাৰ গ'লেই যেন
আৰু নাহে দুনাই ।

          (১০)

দিনতে সপোন দেখা
যেন ৰজা হোৱা 
আকাশত চাং পতা 
চাগে একেই কথা ।

          (১১)

গুৰুৰ শিক্ষাৰ বাণী 
চেকণিৰ আগত বিদ্যা 
অধমৰ মুখৰ বাণী
সমাজ ধ্বংস কৰা---।

        (১২)

ফাগুনৰ বতৰ
পদূলি শুঙা 
মনৰ অজান খবৰ
বিলাই ফুৰা ।

        (১৩)

কথা মতেই কাম
যদিহে কৰা
জীৱনৰ যেন দাম
তুমিয়েই পাবা ।

       (১৪)

কানাই বজালে
মোহন বাঁহী  
যমুনা পাৰ'লে
আহে ৰাধা ঢাপলি।

         (১৫)

আঠুৱা চাইহে ঠেং
বতৰ চাই কঠিয়া 
কামৰ মাজত জেং
কেতিয়াও নকৰিবা ।

           (১৬)

পদূলি মুখত দেও দি
যুৰীয়া শালিকী নাচে
পোনাকণে তাকে দেখি 
খিলখিলাই হাঁহে ।

          (১৭) 

কলৰ পাতত কাউৰী 
শুৱলা গীত জুৰে
গৰুৰ পিঠিত বগলী 
ছাল খুচৰি ফুৰে ।

         (১৮)

পুৱাৰ পোহৰেই 
দিনৰ বতৰা দিয়েো
ল'ৰালিৰ সুশিক্ষাই
জীৱন ৰঙীন কৰে ।

          (১৯)

পথাৰৰ শুৱনি 
সেউজী ধান
আহিনত আহেহি
বছৰৰ শেষ বান ।

        (২০)

ধান পকিলে 
টুনি চৰাই মৰণ
বানে আহিলে
কৃষকৰ মৰণ--- । 
         
✍️নিপু কুমাৰ দাস  
       
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)